গছত কিমান বগাব পাৰে তাৰ দ্বাৰা জুখিব খোজো তেতিয়াহ'লে ই সমগ্ৰ
জীৱন এই ধাৰণাতেই নিমগ্ন থাকিব যে ই কোনো কামৰ বাবে যোগ্য
নহয়।
তাৰো বহু আগতেই স্বামী বিবেকানন্দই কৈছিল-
Each soul is potentially divine.
অৰ্থাৎ প্ৰত্যেক আত্মাতে এক ঐশ্বৰিক শক্তি লুকাই আছে।
ব্যৱহাৰিক ক্ষেত্ৰত আমি কথাটো এনেকৈয়ো ল'ব পাৰো যে ভগৱানে
প্ৰত্যেকজন ব্যক্তিকে কিবা ক্ষেত্ৰত এক ব্যুৎপত্তি দিছে আৰু সেই বিশেষ
ব্যুৎপত্তিৰ অংকুৰণ ঘটাই সমাজৰ বাবে ধনাত্মকভাৱে প্ৰয়োগ কৰাটো হ'ব
লাগে প্ৰকৃত শিক্ষাৰ উদ্দেশ্য। এনে শিক্ষাই ব্যক্তিবিশেষ তথা সমাজ
দুয়োকে লাভান্বিত কৰে আৰু ইয়েই পৰিশেষত এখন দেশক উন্নত দেশ
হোৱাত প্ৰভূত ৰঙণি যোগায়।
আমাৰ দৃষ্টিত হিমাৰ এই সফলতাৰ প্ৰথম কাৰণটো হৈছে হিমাই নিজেই হওক বা অন্য কোনো প্ৰশিক্ষক অথবা শুভাকাংক্ষীয়েই হওক, বিচাৰি উলিয়াইছিল কিহত তেওঁৰ এক ঈশ্বৰ প্ৰদত্ত স্বাভাৱিক দক্ষতা আছে, আৰু হিমাই সেই দক্ষতা বিকাশৰ বাবে কঠোৰ সাধনা, নিৰৱচ্ছিন্ন প্ৰচেষ্টা কৰি গৈছিল মাহৰ পিছত মাহ ধৰি— বাকী সকলো সুখ, স্বাচ্ছন্দ্য, বিনোদন প্ৰতি পিঠি দি যাৰ ফল তেওঁ আজি পাইছে আৰু আমাকো ধন্য কৰিছে। ভুকুতেই কল নিশ্চয় পকা নাই। মনলৈ আহিছে ঐতয়ে ব্ৰাহ্মণমৰ নিম্নোক্ত শ্লোকটিৰ—
চৰন্বৈ মধু বিন্দতি চৰণস্বাদুমুদুম্বৰম্
সূৰ্য্যস্য পশ্য শ্ৰেয়মাণং য়ো ন তন্দ্ৰয়তে চৰণ্
চৰৈবেতি চৰৈবেতি
যাৰ অৰ্থ হৈছে— গতিশীলজনেহে মধু লাভ কৰে, গৈ থাকিলেহে সুস্বাদু ফল পায়। চোৱা সূৰ্যৰ শ্ৰেষ্ঠত্ব; অতন্দ্ৰ, অনলস পৰিক্ৰমাত সেয়ে ক্ষন্তেকো নৰৈ গৈ থাকা।
সাৰমৰ্ম হিচাপে ছাত্ৰ-ছাত্ৰীসকলক এইটোৱেই ক'ব খোজো—“নিজৰ লগতে কথা পাতা’ আৰু নিজৰ ঈশ্বৰ প্ৰদত্ত স্বাভাৱিক দক্ষতা’টো বিচাৰি