পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কৰ্ম বিমুখিতা আৰু অসমৰ যুৱ সমাজ

 অন্যান্য কৰিবলগীয়াখিনিত চৰকাৰৰ দায়িত্বই অধিক হ'ব। সেইখিনি। কৰোঁতে চৰকাৰে ৰাজনীতিৰ উৰ্ধত উঠি সঁচা কৰ্মোদ্যমীখিনিৰ ৰাজনৈতিক মতাদৰ্শ, জাতি, ধৰ্ম নিৰ্বিচাৰে তেওঁলোকক যথাযোগ্য সন্মানেৰে সন্মানিত কৰিব লাগিব। বন-নীতি, ভূমি-নীতি চৰকাৰে এনে কৰিব লাগিব যাতে প্ৰকৃত কৰ্মোদ্যমী যুৱক-যুৱতীসকল সেই নীতিৰ দ্বাৰা লাভান্বিত হয়। কোনো কৰ্ম প্ৰতিষ্ঠান গঢ়িবলৈ চৰকাৰৰ ঋণ-নীতি স্বচ্চ, খৰতকীয়া, সৰল হোৱাৰ দৰকাৰ হ'ব যাতে কৰ্মোদ্যমী যুৱক-যুৱতীৰ কৰ্মোদ্যম ৰঙা ফিটাৰ মেৰপেচত হেৰাই নাযায়। বিশেষকৈ কৃষিৰ লগত জড়িতসকলৰ বাবে চৰকাৰে ঠায়ে ঠায়ে ‘ক’ল্ড ষ্টৰেজ’ নিৰ্মাণৰ ব্যৱস্থা ল'ব লাগিব যাতে বস্তু উভৈনদী হোৱাৰ সময়ত তেওঁলোকে নিজে উৎপাদন কৰা খাদ্য-শস্য পানীৰ মূল্যত মধ্যভোগীক বিক্ৰী কৰি সৰ্বস্বান্ত হ'বলগীয়া নহয়।

 কৰ্মোদ্যমী লোকসকলক সন্মান জনাবলৈ চৰকাৰে বিভিন্ন বঁটা- বাহনৰো প্ৰচলন কৰিব পাৰে, ঠিক যেনেকৈ সাহিত্যিক, শিল্পী আদিৰ বাবে বঁটা আগবঢ়ায়। অসম সাহিত্য সভা, সাহিত্য একাডেমী, সঙ্গীত নাটক একাডেমী আদিয়ে যিদৰে সাহিত্য, সঙ্গীত-নাটক আদিৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে বঁটা আগবঢ়ায় সেইদৰে চৰকাৰে কৰ্মোদ্যমীসকলৰ বাবেও বিভিন্ন শিতানত বঁটা আগবঢ়াব পাৰে। তেনেসকলৰ মাজৰ পৰা সৰ্বোৎকৃষ্টসকলক চৰকাৰে বিভিন্ন ‘পদ্ম বঁটাৰ দ্বাৰাও বিভূষিত কৰি যুৱ সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আকৌ উনুকিয়াব খুজিছোঁ এইবোৰ কৰোঁতে যদি ৰাইজ তথা চৰকাৰ ৰাজনীতিৰ ঊৰ্ধত উঠিব নোৱাৰে তেন্তে কোনো লাভ নহ'ব।

 আশা ৰাখিছোঁ ভৱিষ্যতে অসমত আনসকলৰ নিচিনাকৈ প্ৰকৃতাৰ্থত কৰ্মোদ্যমী লোকৰ দ্বাৰাও বিভিন্ন প্ৰকল্পৰ আধাৰশিলাৰ স্থাপন, বিভিন্ন অনুষ্ঠানত ফিটা কাটি আৰম্ভণি , স্কুল-কলেজৰ পাঠ্যক্ৰমত তেনে লোকৰ বিষয়ে জনোৱা আদি কাৰ্য সমাপন হ'ব আৰু তাৰ দ্বাৰা তেওঁলোককো সমাজৰ উচ্চ আসনত বহুওৱা হ'ব। ইয়েই হয়তো কৰ্মবিমুখ বুলি অপযশ লভা অসমবাসী কৰ্মোদ্যমী বুলি বিখ্যাত হোৱাৰো শুভাৰম্ভণি হ'ব।