পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
চাকৰি ক’তেনো পাম?

সাৰুৱা যে অতি কম আয়াসতে নিজৰ তথা পৰিয়ালৰ ভাতমুঠি নিজৰ মাটিখিনিত কৰি ল'ব পাৰে; কাৰণ মাটি সাৰুৱা, পানীৰ কোনো অভাৱ নাই। মুঠতে এক সাধাৰণ জীৱন অতিবাহিত কৰিবলৈ যিখিনি সমলৰ প্ৰয়োজন, অসমৰ মানুহে প্ৰকৃতিৰ দয়াত সেইখিনি অতি কম আয়াসতে পায় অৰ্থাৎ তাৰ বাবে তেওঁলোক অতি কষ্টসহিষ্ণু, কৰ্মদক্ষ নহলেও চলি যায়। ভাল নে বেয়া নাজানো এইটো অৱশ্যে সত্য যে প্ৰায়ভাগ অসমীয়া মানুহেই জীৱন ধাৰণৰ সমলখিনি পোৱাৰ পিছত সেই জীৱন ধাৰণৰ উত্তৰণৰ বাবে বৰ বেছি প্ৰয়াস নকৰে।

 এটি শিশুৱে নিজৰ মাক-দেউতাক নাইবা অন্য ওচৰ সম্বন্ধীয় মানুহবোৰৰ পৰাই জীৱনৰ আদিপাঠ গ্ৰহণ কৰে। সেইদৰে কিশোৰ- কিশোৰী, যুৱক-যুৱতীসকলেও সেইবিলাক কাৰ্যৰ প্ৰতি বিশেষ আকৃষ্ট হয় যিবোৰৰ বিষয়ে সমাজত আলোচনা-বিলোচনা বেছিকৈ হয়, যাৰ ওপৰত সমাজে বিশেষ গুৰুত্ব আৰোপ কৰে, দূৰদৰ্শন, বাতৰি কাকত আদিত যিবোৰ বেছিকৈ চৰ্চা হয়। অসমৰ সমাজ জীৱনত কষ্টসহিষ্ণু, কৰ্মদক্ষ ৰ'ল মডেল’ সম্পৰ্কে আলোচনা-বিলোচনা তেনেকৈ হোৱা দেখা নাযায়। সততে আলোচনা-বিলোচনা হৈ থকা বেছিভাগ কথাই সাহিত্য, সংগীত তথা অন্যান্য কলা, ৰাজনীতি, আন্দোলন আদিৰ লগতহে জড়িত। দুই- এক কৰ্মদক্ষ, কষ্টসহিষ্ণু অসমীয়া যে ওলোৱা নাই তেনে নহয়, কিন্তু তেওঁলোকক সমাজে এতিয়ালৈকে 'ৰ'ল মডেল' হিচাপে স্বীকৃতি দিয়া আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সুস্থ কৰ্ম সংস্কৃতি, কৰ্মদক্ষ মানুহৰ গুণানুকীৰ্তন কাচিংহে শুনিবলৈ পোৱা যায়। সেয়ে কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকল তেনে দিশৰ প্ৰতি আকৃষ্ট নোহোৱা, ধাবমান নোহোৱা বুলি ভাব হয়। আনহাতে বেছিভাগ যুৱক-যুৱতীয়েই ওপৰোক্ত বিষয়বোৰ, যিবোৰ সম্পৰ্কে সমাজত সততে আলোচনা হয় সেই দিশেহে ধাৱমান। হয়।

 গুৱাহাটীৰ পৰা নাতিদূৰত থকা আমাৰ পৈতৃক গাঁৱলৈ সুবিধা পালেই দৌৰ মৰাটো আমাৰ পুৰণা অভ্যাস। চহৰীয়া জীৱনৰ কোলাহল, ব্যতিব্যস্ততাৰ পৰা আঁতৰি এক বুজাব নোৱৰা আনন্দ পোৱাই এনে অভ্যাসৰ চালিকা শক্তি। গাঁৱৰ ঘৰৰ কাষৰ বাৰীবোৰ, যিবোৰ আগতে