শাক-পাচলিৰে ভৰি আছিল সেয়া কিছু কমা দেখি ভতিজাহঁতক গালি পৰাত ভতিজাহঁতৰ উত্তৰ—নিজে কৰি চোৱাচোন গম পাবা। বান্দৰ উৎপাতত শাক-পাচলি নাথাকে, কেৰ্কেটুৱাৰ উৎপাতত তামোল, নাৰিকল ৰাখিব নোৱাৰি। প্ৰথমতে মিছা অজুহাত বুলি ভাবিছিলোঁ যদিও কেইবাখনো গাঁৱত একেটা প্ৰশ্ন উত্থাপন কৰি একেই উত্তৰ পাই ধৰি লৈছোঁ যে তেওঁলোকে সঁচা কথাকেই কৈছে। দূৰদৰ্শনৰ বাতৰিটো প্ৰায়েই হস্তী-মানৱৰ সংঘাত, বন্যহস্তীৰ দ্বাৰা খেতিৰ বিস্তৰ ক্ষতিসাধন জাতীয় বাতৰি পৰিৱেশন হৈয়ে থাকে। অৰণ্যভূমিত মানৱৰ অনধিকাৰ প্ৰৱেশেই খুব সম্ভৱ এনে সমস্যাসমূহৰ মূল উৎস। অতি কষ্টেৰে কৰা খেতিডৰা চকুৰ সন্মুখতে খৰাং, বানপানীৰ লেখীয়া প্ৰাকৃতিক দুৰ্যোগ অথবা ওপৰোক্ত কাৰণবোৰৰ বাবে ধ্বংসপ্ৰাপ্ত হোৱাটো এক কৰুণ ঘটনা আৰু ইয়েই তেওঁলোকক হয়তো তেনে কৰ্ম ভৱিষ্যতেও আগবঢ়াই লৈ যোৱাৰ বাবে নিৰুৎসাহিত কৰে।
এইটো কথাত কোনো দ্বিমত নাই যে এখন দেশৰ বাবে যুৱ সমাজেই মূল চালিকা শক্তি। যদি দেশৰ যুৱ সমাজ কৰ্মোদ্যমী হয় তেন্তে সেই দেশৰ উন্নতি অৱশ্যম্ভাৱী। কিন্তু তেনে নহ'লেই যে সমগ্ৰ দোষ আমি যুৱ সমাজলৈ ঠেলি দিম তেনে হ'ব নোৱাৰে। আমাৰ দৃষ্টিত বৰঞ্চ চৰকাৰ তথা সমাজে তেনে দায়িত্ব মূৰ পাতি লৈ কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ বাবে নিৰলস প্ৰয়াস কৰা দৰকাৰ যাতে দেশৰ যুৱ সমাজ কৰ্ম সংস্কৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজকে বিভিন্ন কামত নিয়োজিত কৰে। কেনেনো হ’ব পাৰে চৰকাৰ তথা সমাজৰ তেনেকুৱা কামবোৰ?
ওপৰৰ পৰ্যালোচনাৰ ভিতৰতে তেনে কৰিবলগীয়া কামবোৰৰ আভাস আছে যিবোৰ সংক্ষেপে আমি তলত আকৌ সন্নিৱিষ্ট কৰিলোঁ।
সমাজ তথা চৰকাৰে যুৱ সমাজৰ সন্মুখত কিছু ‘ৰ'ল মডেল’ক যথাযোগ্য সন্মানেৰে দাঙি ধৰিব লাগিব। তেনে কৰিবলৈ হ'লে সমাজত কৰ্মোদ্যমী লোকসকলৰ বিষয়ে আৰু তেওঁলোকৰ কাম-কাজ সম্পৰ্কে বহুল আলোচনা-বিলোচনা চলিব লাগিব যিদৰে সাহিত্যিক, গায়ক-গায়িকা। অথবা অন্যান্য সুকুমাৰ কলাৰ লগত জড়িত লোকসকলৰ অথবা