পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কৰ্ম বিমুখিতা আৰু অসমৰ যুৱ সমাজ

 প্ৰবন্ধটোৰ শিৰোনাম দেখি কোনোবাই যদি ভাবিছে যে যুৱ সমাজক দোষ দিয়া এক লিখনি হ’ব তেন্তে সেয়া ভুল ধাৰণা। যুৱ সমাজক দোষ দিয়াতকৈ ইয়াৰ কাৰণ বিচৰাহে আমাৰ মুখ্য উদ্দেশ্য।

 ভাৰতবৰ্ষ এখন বিশাল দেশ, যাৰ কাৰণে ইয়াক এখন উপ-মহাদেশ বুলিয়েই কোৱা হয়। ইয়াৰে বিভিন্ন ঠাইৰ মানুহৰ ভাষা-সংস্কৃতি, আচাৰ- ব্যৱহাৰ আদি ভিন্ন আৰু তেনে হোৱাটো আমাৰ দৃষ্টিত এক স্বাভাৱিক ঘটনা। ঠিক সেইদৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ অথবা ৰাজ্যৰ বাসিন্দাসকলৰ কৰ্ম-সংস্কৃতিও বেলেগ বেলেগ। যেনে, ভাৰতবৰ্ষৰে পঞ্জাৱ, ৰাজস্থান আদি প্ৰদেশৰ বাসিন্দাসকল কায়িক শ্ৰমৰ ক্ষেত্ৰত যথেষ্ট দক্ষ বুলি এক সুনাম আছে আৰু তাৰ ঠিক ওলোটাভাৱে অসমৰ লোকসকল কৰ্মবিমুখ বুলি এক বদনাম আছে। কাৰণসমূহ ফঁহিয়াই চাবলৈ আৰম্ভ কৰাত তলৰ কথাখিনি মনলৈ আহিল আৰু সেইখিনিকে লিপিবদ্ধ কৰি পাঠক সমাজলৈ আগবঢ়ালোঁ।

 অসমত এক সাধাৰণ জীৱন যাপন কৰিবলৈ যিখিনি বস্তুৰ আৱশ্যক সেইখিনি প্ৰকৃতিয়ে অফুৰন্তভাৱে যোগান ধৰিছে। ৰাজস্থানৰ কোনো কোনো অঞ্চলৰ মানুহে খোৱাপানীটুপিৰ বাবে ঘৰৰ পৰা বহু দূৰ বাট বুলি যিদৰে সংগ্ৰহ কৰিব লগা হয় সেয়া অসমৰ মানুহে ভাবিবও নোৱাৰে কাৰণ প্ৰায় সকলোৰে ঘৰে ঘৰে পানীৰ পুখুৰী থাকেই। ইয়াৰ মাটিও এনে