পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
আমাৰ প্ৰচলিত প্ৰাথমিক শিক্ষা ব্যৱস্থাত..

কৰোৱাতকৈ শিক্ষক-শিক্ষয়িত্ৰীসকলেহে তেনেক্ষেত্ৰত আগভাগ ল’ব লাগিব আৰু সেই হাতে-কামে শিকোৱা বিদ্যা, পৰিৱেশ অনুযায়ী বেলেগ বেলেগ হোৱাটোহে সমীচীন হ’ব। তেখেতৰ চিন্তাৰ নতুনত্ব দেখি উৎসাহেৰে সুধিলোঁ—আপুনি কি বিদ্যাৰ কথা ভাবিছে? তেখেতৰ উত্তৰগাঁৱৰ ল'ৰা-ছোৱালীয়ে জৈৱিক কেঁচু সাৰৰ বিষয়ে জনা বৰ দৰকাৰ। গতিকে এটা বিদ্যা হ’ব সেই জৈৱিক বা কেঁচু সাৰ নো কেনেকৈ প্ৰস্তুত কৰা হয়চৰকাৰেও জৈৱিক সাৰ প্ৰয়োগ কৰি খেতি কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু আমাৰ স্বাস্থ্যৰ বাবেও ই বৰ গুৰুত্বপূৰ্ণ। তেখেতে ক'লে, দ্বিতীয় বিদ্যাটো কি হ'ব লাগে তুমিয়েই কোৱা। মই ক'লোঁ, আপুনি যিহেতু জৈৱিক সাৰ প্ৰস্তুত কৰাবই, গতিকে সেই জৈৱিক সাৰ প্ৰয়োগ কৰি ‘ড্ৰেগন ফুট’ খেতিৰ শিক্ষা দিয়ক। ১ কিল’গ্ৰাম তেনেকুৱা ফলৰ ভাৰতীয় বজাৰ মূল্য ৩০০ ৰপৰা ৪০০ টকা। ৰপ্তানি কৰিলে বিদেশৰ বজাৰত ৩০০০ ৰপৰা ৪০০০ লৈ টকা প্ৰতি কিল’গ্ৰামত পাব। ইতিমধ্যেই মালয়েছিয়া, ভিয়েটনাম, ফিলিপিনছ আদি দেশৰ খেতিয়কে এই খেতিৰ জৰিয়তে যথেষ্ট লাভবান হৈছে। সেই দেশবোৰৰ জলবায়ু যিহেতু আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগত যথেষ্টখিনি মিলে, আমাৰ ইয়াতো এই খেতি কৰিব নোৱাৰাৰ কোনো কাৰণ নেদেখো। কেক্টাছজাতীয় উদ্ভিদবিধৰ প্ৰথম খেতি অৱশ্যে মেক্সিকোত হৈছিল যদিও বৰ্তমান পৃথিৱীৰ বহু গৰম অঞ্চলত এই খেতিৰ প্ৰচলন হৈছে। তদুপৰি আমাৰ অসমত বানপানীত ক্ষতিগ্ৰস্ত বহু ঠাই নদীয়ে বালি পেলোৱাৰ বাবে ধান খেতি কৰাৰ বাবে অযোগ্য হৈছে যদিও তেনে ঠাইবোৰ হয়তো ‘ড্ৰেগন ফুট’ৰ খেতিৰ বাবে অতি যোগ্য বুলি বিবেচিত হ'ব পাৰে। আমাৰ দৃষ্টিত আমাৰ দুৰ্বলতা, ঋণাত্মক দিশবোৰক আমাৰ সবলতা তথা ধনাত্মক দিশলৈ পৰিৱৰ্তন কৰিব পৰাটোহে আচল শিক্ষাৰ মাহাত্ম্য।

 ‘ড্ৰেগন ফুট’ এক অতি উন্নত খাদ্য হিচাপে প্ৰমাণিত হোৱাৰ বাবে পৃথিৱীত এই ফলবিধৰ চাহিদাও বাঢ়িছে আৰু খেতিও বাঢ়িছে। এইখিনিতে ডেকা উদ্যোগী প্ৰসেনজিৎ বিশ্বাসৰ নাম নল'লে অশলাগী হোৱা যাব, কাৰণ ‘ড্ৰেগন ফুট’ৰ বিষয়ে তেওঁৰ পৰাই মই প্ৰথমে জানিছিলোঁ। তেওঁৰ মতে ইয়াৰ খেতিয়ে অসমৰ মানুহৰ অৰ্থনৈতিক