পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
চাকৰি ক’তেনো পাম?

ক'লো—হয়, ময়ো আপোনাৰ দুখৰ সমভাগী কিন্তু পৰিত্ৰাণৰ ৰাস্তা আপোনাৰ হাতত আছেনে?

 তেখেতে ক’লে, চোৱা, আমাৰ এই প্ৰিন্টিং লাইনত আধুনিকীকৰণৰ লগে লগে যথেষ্ট নতুন মেচিনৰ প্ৰয়োগ ঘটিছে। সেই মেচিনবোৰ চলাবলৈ বা বেয়া হ'লে ঠিক কৰিবলৈ অসমীয়া ল'ৰা মুষ্টিমেয়। কিন্তু সেইখিনি শিকি ল’লে তেওঁলোকে বাংগালুৰু, মুম্বাই, পুনে আদি ঠাইত দাৰোৱান বা ৰেষ্টুৰেণ্টত কাম কৰাতকৈ স্বচ্ছলতাৰে জীৱন নিৰ্বাহ কৰাৰ লগতে বেছি ধন জমাও কৰিব পাৰে। নিজৰ ঘৰখনৰ লগত থাকি সুখে- সন্তোষেৰে দিন কটাব পাৰে। একো নকৈ মনে মনে ভাবিলোঁ—আমাৰ চৰকাৰে বা আন উদ্যোগীয়ে তেনে মেচিন চলাবলৈ বা বেয়া হ'লে ঠিক কৰিবলৈ ‘ট্ৰেইনিং ইন্সিটিটিউট'ৰ কথা বা কেতিয়াকৈ ভাবিব? সেই ধৰণৰ আৰ্থিক অৱস্থাৰ বেছিভাগ ল'ৰাৰ কাৰণে পঞ্জাব, উত্তৰ প্ৰদেশ আদি ঠাইত গৈ ট্ৰেইনিং লোৱাটো হয়তো সম্ভৱপৰ নহয়। অসমত তেনে অনুষ্ঠান গঢ় লৈ উঠিলে হয়তো অসমীয়া ল'ৰাও আগবাঢ়ি আহিব। একো উত্তৰ নিদি কথাখিনি মনতে পাগুলি থাকোতে তেখেতে কৈ উঠিল—মই এটা কাম আৰম্ভ কৰোঁ বুলি ভাবিছো, তোমাৰো মতামত জনাবা।

 তেখেতে আকৌ কৈ গ'ল—মই নলবাৰীৰ যিখন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ, সেইখনলৈ ৫ লাখমান টকা আগবঢ়াই তাৰ সীমাৰ ‘ৱাল’ আৰু ৰুম’বোৰ ঠিক-ঠাক কৰি দিছে। ইতিমধ্যেই মই শিক্ষকসকলৰ লগত কথা পাতিছে যাতে তেওঁলোকে পাঠ্যক্ৰমৰ শিক্ষাৰ বাহিৰেও দুটা 'হাতে-কামে শিকা বিদ্যা’ তেওঁলোকক কৰি দেখুৱায়। তেখেতৰ মতে কোমল বয়সতে যদি তেনেকুৱা দুটা হাতৰ বিদ্যাৰ কথা ছাত্ৰ-ছাত্ৰীসকলৰ মনত সুমুৱাই দিব পাৰি তেতিয়াহ'লে শিক্ষা শেষ কৰাৰ পিছত নিবনুৱা হ'ব লাগিলে তেওঁলোকৰ তেনে বিদ্যাবোৰলৈ মনত পৰিব আৰু বহুতেই হয়তো তেনে বিদ্যাৰ আলমতেই ভৱিষ্যত জীৱনৰ কৰ্ম সংস্থান গঢ়ি ল'ব। দেখাত সৰু যেন লাগিলেও তেখেতৰ চিন্তাৰ নতুনত্বই মনত আনন্দ দিলে। মনে মনে তেখেতক ‘চেস্যুট’ দিলোঁ। এইখিনিতে উল্লেখ কৰা দৰকাৰ যে তেনে এক ব্যৱস্থাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগ অত্যন্ত দৰকাৰী হ’ব কাৰণ ফুল কুমলীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা