পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
চাকৰি ক’তেনো পাম?

অৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। ইচ্ছুক পাঠকে ইণ্টাৰনেট চাই ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰে।

 মোৰ কথা শুনি এইবাৰ শৰ্মাদেৱৰ উৎসাহ বাঢ়িল। তেখেতে ক’লে, তুমি মোৰ লগত সৰস্বতী পূজাৰ দিনা স্কুলখনলৈ ওলাবা নেকি? ল’ৰা- ছোৱালী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকাৰ আগত তুমি ক’লে বৰ ভাল হ’ব।

 বিশ্ববিদ্যালয়ৰ নিজৰ বিভাগ তথা আন দুই-এক শিক্ষানুষ্ঠানতো পূজাৰ নিমন্ত্ৰণ আছিল যদিও শৰ্মাদেৱৰ চিন্তা তথা কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই সন্মত হ’লোঁ আৰু যোৱা সৰস্বতী পূজাৰ দিনটো সেই প্ৰাথমিক স্কুলখনতে কটালোঁ। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাৰ লগত মত বিনিময়ো কৰিলোঁ।

 শৰ্মাদেৱৰ চিন্তা তথা কৰ্মৰ আলমত আন দেশহিতৈষী তথা অৰ্থবান মানুহে যদি নিজৰ নিজৰ এৰি অহা প্ৰাথমিক স্কুলখনৰ কাৰণে ভাবে আৰু আমাৰ চৰকাৰেও যদি তেনে প্ৰচেষ্টাত সৰ্বপ্ৰকাৰে সমৰ্থন জনায়, তেন্তে ‘পৰিৱৰ্তন’ সঁচা অৰ্থত আহিব যেন ভাব হয়। তাৰ বাবে আশাৰে বাট চাই ৰ’লোঁ। ❏