পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
মানৱ সম্পদৰ অপচয় ৰোধ

আজিৰ ‘গ্ল’বেলাইজেচন’ৰ প্ৰতিযোগিতামূলক বজাৰত কথাটো ভাবি চাবলগীয়া যেন লাগিল।

 প্ৰশ্ন উঠিব পাৰে, এই অনুষ্ঠানবোৰত প্ৰশিক্ষণ লৈ উঠা ছাত্ৰ- ছাত্ৰীসকলে ক'ত চাকৰি পাব, কি কৰিব? আমাৰ মতে এই ক্ষেত্ৰত চৰকাৰৰ কিছু কৰণীয় আছে। Indian Institute of Entreprenurship বুলি এটা অনুষ্ঠান আছে। এই অনুষ্ঠানটোক চৰকাৰে অধিক সক্ৰিয় কৰি এইসকল প্ৰশিক্ষিত লোকক শিকাব লাগিব কেনেদৰে এটা ব্যাৱসায়িক অনুষ্ঠান আৰম্ভ কৰিব পাৰি, তাৰ বাবে অনুজ্ঞাপত্ৰ, অনুদান আদি ক'ত কেনেকৈ পাব পাৰি ইত্যাদি। তদুপৰি সেই ব্যৱস্থাবোৰ স্বচ্ছ, নিকা, সোনকালে হোৱাত চৰকাৰে এক ধনাত্মক ভূমিকা ল'ব পাৰে।

 আমাৰ এক সবল বিশ্বাস যে সমাজে আৰু আমাৰ শিক্ষা ব্যৱস্থাই ঘোষণা কৰা এইসকল ‘অসফল’ ছাত্ৰ-ছাত্ৰীক যিদিনা আমি সুস্থ ভাবে জীয়াই থকাৰ এক অৱলম্বন দিব পাৰিম সেইদিনাৰ পৰা আমাৰ সমাজৰ বহুতো সমস্যা যেনে আতংকবাদীৰ সমস্যা, বিচ্ছিন্নতাবাদীৰ সমস্যা, ধৰ্মীয় সমস্যা, জাতিগত সমস্যা আদিৰ পৰা আমি মুক্তি পাব পাৰিম কাৰণ সমস্যাবোৰ দেখাত বেলেগ বেলেগ হ'লেও সকলোৰে মূল গুৰিটো কিন্তু অৰ্থনৈতিক সমস্যা। অৱশ্যে সকলো স্তৰতে ধন-বিতৰ বাহিৰেও আমাৰ অত্যন্ত জৰুৰী তিনি মূলধন হ'ব লাগিব সততা, আগ্ৰহ আৰু নিষ্ঠা। ❏