পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
চাকৰি ক’তেনো পাম

ঢ) যোগ-প্ৰাণায়াম তথা তাৰ লগত জড়িত বিভিন্ন কৰ্মৰ প্ৰশিক্ষণ।

ণ) টুৰিষ্ট গাইড হোৱাৰ প্ৰশিক্ষণ আৰু তাৰ সহায়ক হোৱাকৈ কোনো ভাষাৰ সাধাৰণ জ্ঞান।

ত) ‘ইণ্ডিজেনাচ নলেজ ছিষ্টেম’ অৰ্থাৎ আমাৰ অসমত ঠাহ খাই থকা বিভিন্ন বনৌষধি সম্পৰ্কে জ্ঞান আৰু তাৰ দ্বাৰা প্ৰাকৃতিক চিকিৎসা কেৰেলাত যেনেদৰে বোকাৰে লেতিয়াই মালিচ দি চিকিৎসা কৰা হয় ইত্যাদি।

থ) ফিজিঅ' থেৰাপিৰ প্ৰশিক্ষণ। দ)  ৱাটাৰ স্পৰ্টচ্‌, এডভেন্‌চাৰাচ স্পৰ্টচ্‌, অন্যান্য স্পৰ্টচ্‌ ইত্যাদি।

 উপৰোক্ত তালিকাখন পাঠক সমাজে নিজৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত দীঘলীয়া কৰিব পাৰে। কাৰোবাৰ মনলৈ এই ধাৰণা আহিব পাৰে যে এইবোৰ দেখোন চলিয়েই আছে। কিন্তু চলি থাকিলেও তাক এক সুন্দৰ জীৱন যাপনৰ বাবে জীৱিকা হিচাপে অৱলম্বন কৰিবলৈ কিছু প্ৰশিক্ষণৰ দৰকাৰ হয়। উদাহৰণ স্বৰূপে ইজনে সিজনক দেখি নতুন নতুন ড্ৰাইভাৰ ওলাই আছে কিন্তু তাৰে বেছিভাগেই গ্ৰাহকৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে, কেনে ভাষা ক’ব লাগে সেই ‘চফ্‌ট স্কিল’ সম্পৰ্কে অজ্ঞ। মাটিৰ বাচন, লোৰ বাচন এটা বনালেই নহ'ব, তাৰ যদি ‘ফাইন ফিনিচিং’ নহয় তেতিয়াহ'লে প্ৰতিযোগিতামূলক বজাৰত বিক্ৰীৰ অযোগ্য পৰিগণিত হৈ জীৱিকাৰ অৱলম্বন হেৰুৱাব। আজিৰ প্ৰতিযোগিতামূলক বিশ্বত অকল হলেই নহ'ব তাক সৰ্বোচ্চ স্তৰলৈ নিয়াৰ নিৰন্তৰ প্ৰয়াস থাকিব লাগিব।

 যোৱা দীপাৱলীৰ সময়ত বিভিন্ন উৎসৰ পৰা এক আবেদন আহিছিল—চীন দেশত নিৰ্মিত লাইট ব্যৱহাৰ নকৰি মাটিৰ চাকি ব্যৱহাৰ কৰক। আবেদনটোক ময়ো সমৰ্থন কৰিছিলো কিন্তু একে সময়তে মনলৈ এক প্ৰশ্ন আহিছিল—চন্দ্ৰ, মঙ্গল গ্ৰহলৈ যান পঠিয়াবলৈ লগা প্ৰযুক্তিবিদ্যা আহৰণ কৰা আমাৰ দেশখনেনো তেনে লাইট কম দামত উলিয়াব নোৱাৰেনে? আমি অযোগ্য ঘোষণা কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দি তেনে কামত নিয়োগ কৰিলে তেনে আবেদন দেখোন নিদিলেও হয়।