পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ প্ৰচলিত প্ৰাথমিক শিক্ষা ব্যৱস্থাত
নতুনত্ব আনিব পৰা এক চিন্তা'

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত শিক্ষক হিচাপে যোগদান। কৰা ২৮ বছৰৰো অধিক কালেই হ’ল। তাৰো আগতে গুৱাহাটীৰে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত আঢ়ৈ বছৰ কটাইছিলো। ৩০ বছৰৰো অধিক কাল এই কাৰ্যত অতিবাহিত কৰাৰ পিছত মনত কিছুমান চিন্তাই খুন্দিয়াই থকা হ'ল। শিক্ষাদানৰ এই দীঘলীয়া পৰিক্ৰমাৰ মাজত কেইবাখনো উন্নত দেশ ভ্ৰমণ কৰি সেই দেশবোৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে কিছু কথা অনুধাবন কৰা আৰু তেনে শিক্ষা ব্যৱস্থাৰ লগত আমাৰ দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ এক তুলনামূলক মানসিক বিশ্লেষণৰ ফলত গঢ় লৈ উঠা ধাৰণাই হয়তো এই চিন্তাবোৰৰ উদ্ৰেক কৰালে।

 কোনোবাই যদি প্ৰশ্ন উত্থাপন কৰে যে উন্নত দেশৰ প্ৰাথমিক তথা মাধ্যমিক শিক্ষা ব্যৱস্থাৰ লগত আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ চকুত পৰা বৈসাদৃশ্য কি, তেন্তে আমাৰ উত্তৰ হ’ব—উন্নত দেশৰ শিক্ষা ব্যৱস্থাই এগৰাকী ছাত্ৰ বা ছাত্ৰীক নিজৰ ইচ্ছা, যোগ্যতা অনুযায়ী আগবাঢ়ি যোৱাৰ এক সুবিধা প্ৰদান কৰে যিটো আমাৰ দেশত দেখা নাযায়। স্বামী বিৱেকানন্দয়ো কৈছিল- ‘Education is the manifestation of perfection already in men'। কিন্তু আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাত সকলোকে একেখিনি পাঠ্যক্ৰম পঢ়িবলৈ দি কিছুমানক 'দুৰ্বল' আৰু