পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
চাকৰি ক'তেনো পাম?

 এই মুহূৰ্তত আমি এই কথাটো স্পষ্ট কৰিব বিচাৰো যে আমি টকা- পইছাকে সৰ্বস্ব বুলি বুজাব খোজা নাই। কিন্তু বৰ্তমান পৃথিৱীত এটা কথা অনস্বীকাৰ্য যে আৰ্থিকভাৱে শক্তিশালীসকলেই সকলো পিনে শক্তিশালী হয় আৰু প্ৰতিপত্তি বিস্তাৰ কৰে; গতিকে আমি আমাৰ ৰাজ্যখনক শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ হ'লে ৰাজ্যখনক আৰ্থিক দিশত টনকিয়াল কৰিবই লাগিব। লগতে এইটো কথাও অনস্বীকাৰ্য যে যিমানেই ৰাইজৰ বাবে চিন্তা কৰা চৰকাৰ নাহক কিয়, সকলো নিবনুৱাকে চৰকাৰী চাকৰি দিব পৰাটো সম্ভৱ নহয়। কোনোবাই যদি তেনে প্ৰতিশ্ৰুতি দিয়েও আমাৰ দৃষ্টিত সেয়া নিৰ্বাচনৰ আগত ভোট গোটোৱাৰ কৌশলহে মাথোঁ। গতিকে আমাৰ দৃষ্টিত ৰাজ্যৰ এচাম শিক্ষিত নিবনুৱাই নিজৰ বাবে, ৰাজ্যৰ আৰ্থিক উন্নতিৰ বাবে ব্যৱসায়-বাণিজ্যত হাত দিয়াৰ বাহিৰে গত্যন্তৰ নাই।

 বিভিন্ন সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা ডেকা-গাভৰু আৰু তেওঁলোকৰ অভিভাৱকৰ লগত কথা পাতি ব্যৱসায় আৰম্ভ কৰিবলৈ উপদেশ দিলেই কেইটামান প্ৰশ্নৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আমাৰ হৈছে।

 প্ৰথমটো হৈছে ব্যৱসায়েই যদি কৰিব লাগে তেন্তে ইমান পঢ়া-শুনাৰ কি দৰকাৰ আছিল? মেট্ৰিকটো পাছ কৰিয়েই কৰিব পাৰিলেহেঁতেন। দেখোন?

 আমাৰ উত্তৰ হৈছে বিদ্যা অৰ্জনৰ একমাত্ৰ লক্ষ্য এটা চাকৰি হোৱাটো উচিত নহয়। বিদ্যা অৰ্জনে আমাক ভৱিষ্যতে এক পৰিশীলিত জীৱন যাপনৰ বাবে, ভৱিষ্যতে আহিব পৰা সমস্যাবোৰ যুক্তিপূৰ্ণভাৱে ফহিয়াই লৈ কেনেকৈ সমাধান কৰিব পাৰি তাৰ বাবে এক ৰাস্তা দেখুৱায়। বৰ্তমানৰ ভাৰতবৰ্ষৰ বহু আগশাৰীৰ ব্যৱসায়ী আকৌ বিদেশৰ উচ্চ ডিগ্ৰীধাৰী। সেই উচ্চ শিক্ষাই তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হোৱাৰ পৰিৱৰ্তে ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটোৱাত, নতুনত্ব অনাতহে সহায় কৰিছে। তদুপৰি এটা কথা সত্য যে যিকোনো ব্যৱসায় এটা এজন নিৰক্ষৰ অথবা কম পঢ়া-শুনা মানুহে যি ধৰণে কৰিব, উচ্চ শিক্ষিত এজনে নিশ্চয় অলপ বেলেগ ধৰণে, ভাল ধৰণে কৰিব। দুই-এটা ব্যতিক্ৰম অৱশ্যেই