পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অসমৰ শিক্ষিত নিবনুৱা সমস্যা আৰু ব্যৱসায়

প্ৰসাৰ ঘটাই শৰাইঘাট প্ৰিণ্টাৰ্ছৰ উপৰিও শৰাইঘাট অফছেট, শৰাইঘাট ফটো টাইপছ আদি বিভিন্ন ব্যৱসায়িক অনুষ্ঠানৰ জন্ম দিলে, নিজৰ ভাই, ভতিজা, ভাগিন আদিৰ বাহিৰেও অজস্ৰ অসমীয়া নিবনুৱা যুৱকক সংস্থাপন দিলে।

 এতিয়াও বামুণীমৈদামৰ ঔদ্যোগিক পামলৈ সদায় অহা ব্যৱসায়ীজন অলপ হতাশাগ্ৰস্ত। নিজৰ বাবে নহয়, অসমৰ শিক্ষিত নিবনুৱা যুৱক- যুৱতীসকলৰ বাবে। অলপতে গুৱাহাটীৰ পৰা প্ৰকাশিত দুই-এখন কাকতত মই লিখা দুই-এটা প্ৰবন্ধ পঢ়ি তেখেতে ক'লে, “তুমি ভাল লাইন এটাত লিখা-মেলা আৰম্ভ কৰিছা—অসমৰ নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যৎ সংস্থাপনৰ দিহা-পৰামৰ্শ দি। পাৰিলে ব্যৱসায়ৰ সম্পৰ্কেও এটা লিখিবা। অসমীয়া যুৱক-যুৱতীয়ে ব্যৱসায় কৰিবলৈ কিয় আগবাঢ়ি নাহে বুজি নাপাও, সকলোকে কেবল চৰকাৰী চাকৰিহে লাগে।”

 তলৰ লিখাখিনি সেই অশীতিপৰ, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈয়ো সদায় নিজৰ ব্যৱসায়স্থলীলৈ আহি কাম কৰি থকা মানুহজনৰ লগত হোৱা কথা-বতৰাৰে ফছল। এইখিনি পঢ়ি দুই-এক শিক্ষিত অসমীয়া নিবনুৱা যুৱক-যুৱতীও যদি ব্যৱসায়লৈ আগবাঢ়ে তেন্তে মানুহজনেও শান্তি পাব আৰু আমিও লিখনিটো সাৰ্থক হোৱা বুলি সন্তোষ লাভ কৰিম।

 সৰুৰেপৰা শুনি থকা শ্লোক এটাত কোৱা হৈছে—

বাণিজ্যে বসতি লক্ষী তদৰ্দ্ধং কৃষি কৰ্ম্মণি
তদং ৰাজসেৱায়াং ভিক্ষায়াং নৈব নৈব চ।

 অৰ্থাৎ, ব্যৱসায়-বাণিজ্যত লক্ষ্মী বাস কৰে, অৰ্থাৎ সেই পথেৰে প্ৰচুৰ ধন আহে; কৃষিকৰ্মৰ যোগে তাৰ আধা ধন উপাৰ্জন হয়। ৰজাঘৰৰ সেৱাযোগে তাৰো আধা উপাৰ্জন হয়; কিন্তু ভিক্ষাবৃত্তিৰ দ্বাৰা তেনে উপাৰ্জন কেতিয়াও নহয়।

 আমাৰ ভাৰতবৰ্ষৰে যি কেইখন আৰ্থিকভাৱে স্বচ্ছল প্ৰদেশ আছে সেইকেইখনলৈয়ো লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকৰ স্বচ্ছলতাৰ মূল কাৰণটো ব্যৱসায়-বাণিজ্য। সেই ঠাইৰ যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে ব্যৱসায়-বাণিজ্যৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে।