পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চাকৰি ক'তেনো পাম?

কেনেকৈ গুচি গ'ল গমকে নাপালো। ব্যক্তিগত পদোন্নতিৰ ক্ষেত্ৰত সেইবাবে কিছু পিছ পৰি গ'লো যদিও তাৰ বাবে আজিলৈকে মোৰ কোনো অনুশোচনা হোৱা নাই কাৰণ সেই অভিজ্ঞতাবোৰে মোৰ ব্যক্তিগত জীৱনটোক বহুত নতুন ৰং ৰূপ আৰু ৰসেৰে সংপৃক্ত কৰিলে। যিখিনি আজি মোৰ বাবে কিছু মধুৰ স্মৃতি।

 লাহে লাহে পৰামৰ্শদাতাৰ ভূমিকাতো অৱতীৰ্ণ হ'বলগীয়া হ'ল। সেই পৰামৰ্শবোৰ কেতিয়াবা শিক্ষা সম্পৰ্কীয়, আন কেতিয়াবা আকৌ ঘৰুৱা সমস্যা অথবা অন্যান্য সমস্যা সম্পৰ্কীয়। বিশ্ববিদ্যালয়ত সাধাৰণতে নতুন ছাত্ৰ-ছাত্ৰীসকলে পুৰণাসকলৰ পৰা কোন শিক্ষক-শিক্ষয়িত্ৰীৰ কেনেকুৱা মেজাজ সেই সম্পৰ্কে এক ‘ফিড্-বেক্’ লয় আৰু সেই মতে তেওঁলোকৰ লগত ব্যৱহাৰ কৰে। গতিকে মোৰ বয়স বাঢ়ি আহিলেও মোৰ লগত ছাত্ৰ-ছাত্ৰীৰ বন্ধুত্ব সুলভ ব্যৱহাৰ কিছু কমিলেও শেষ হৈ যোৱা নাই আৰু ময়ো পঞ্চাশোৰ্ধ হৈয়ো তেনেকুৱা ব্যৱহাৰ আনন্দেৰে উপভোগ কৰি আছো, বৰ্তমানো।

 কাৰোবাৰ মনলৈ আহিব পাৰে, এওঁ দেখোন শিৰোনামাৰ পৰা আঁতৰি আত্মশ্লাঘাত লাগি গ'ল। ভুল নুবুজিব। আমাৰ তেনে কোনো দূৰাকাঙ্ক্ষা নাই, মই মাত্ৰ ক'বলগীয়া কথাখিনি কেনেকৈ ঘটিল তাৰ পৃষ্ঠভূমিটো তৈয়াৰ কৰাৰ খাতিৰতহে ওপৰৰ কথাখিনি লিখিবলগীয়া হ’ল।

 ২০০৬-০৭ চনৰ কোনোবা এটা দিনৰ কথা। ক্লাছৰুমৰ পৰা ক্লাছ কৰি ওলাই দেখিলো তাৰ আগৰ বছৰ পাছ কৰি ওলাই যোৱা বুলি ভাবি থকা ছাত্ৰ শ্ৰীমান ৱাই, এজন বয়সস্থ লোকৰ লগত ৰুমৰ বাহিৰত ৰৈ আছে। মই তেওঁক কি খবৰ, ক'ৰবাত কিবা কামত সোমাইছেনে প্ৰশ্ন কৰাত তেওঁ দুখেৰে ক'লে যে তেওঁ যোৱা বছৰ কৃতকাৰ্য হ'ব নোৱাৰিলে আৰু তেওঁৰ লগত থকাজন তেওঁৰ দেউতাক। দেউতাকক অহাৰ উদ্দেশ্য সোধাত তেখেতে ক'লে যে ল'ৰাজন মানসিকভাৱে কিছু ভাগি পৰিছে। আৰু তেখেতে সান্ত্বনা দিছে যদিও বৰ ফল ধৰা নাই। লগতে ক'লে যে ল'ৰাৰ মুখত বিশ্ববিদ্যালয় শ্ৰেণীত যোগদান কৰাৰ সময়ৰে পৰা মোৰ কথা শুনি থাকি তেখেতৰ মনত ভাব হ'ল যে মই হয়তো কিবা এটা