পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
চাকৰি ক’তেনো পাম?

উচ্চ সীমা ২৭ বছৰ, বেছিভাগেই এবাৰ বা খুব বেছি দুবাৰ পৰীক্ষা দিব পাৰে আৰু খুব কমেইহে কৃতকাৰ্যতাৰ মুখ দেখে।

 ইয়াৰ বিপৰীতে উত্তৰ-পূব ভাৰতৰ বাহিৰৰ যিখিনি পৰীক্ষাৰ্থী, যিখিনিৰ ভিতৰত বহুতো এম.এ., এম.এছ.চি., ইঞ্জিনীয়াৰ, এম্.বি.এ. ডিগ্ৰীধাৰীও থাকে তেওঁলোকৰ বেছিভাগেই কিন্তু মেট্ৰিক লেভেল'ৰ MTS পৰীক্ষাটো দি লয় যিটোত তেওঁলোকে সহজেই কৃতকাৰ্য হয় আৰু এছ.এছ.চি.ৰ কোনো চাকৰিত যোগদান কৰে। প্ৰশ্ন উঠে, কিয় তেনে কৰে? কাৰণটো হৈছে কোনোবা এজন যদি এছ.এছ.চি.ৰ কৰ্মচাৰী হয় তেন্তে সাধাৰণ শ্ৰেণীভুক্ত (General) হ'লেও তেওঁ ভৱিষ্যতে দিবলগীয়া এছ.এছ.চি.ৰ পৰীক্ষাৰ বাবে বয়সৰ ঊৰ্ধসীমাৰ ক্ষেত্ৰত ৫ বছৰ ৰেহাই পায় অৰ্থাৎ তেওঁ ২৫/ ২৭ বছৰৰ পৰিৱৰ্তে ৩০/৩২ বছৰলৈ এছ.এছ.চি.ৰ পৰীক্ষা দিব পাৰে আৰু সেই ৫ বছৰৰ ভিতৰত তেওঁলোকে হয় ‘ডিপাৰ্টমেন্টেল’ পৰীক্ষা দি নহয় ‘হায়াৰ ছেকেণ্ডাৰী’ বা ‘ ডিগ্ৰী লেভেল’ৰ বাবে পতা পৰীক্ষা দি ওপৰলৈ উধাই গৈ থাকে আৰু ৩৫-৪০ বছৰমান বয়সত এজন 'গেজেটেড্’ বিষয়াত পৰিণত হয়।

 এই সম্পৰ্কতে আমাৰ এক মধুৰ অভিজ্ঞতাৰ বিষয়ে লিখিবলৈ ওলাইছো যিটোৱে অসমৰ দুই-এজন ছাত্ৰ-ছাত্ৰীকো যদি উপকৃত কৰে তেন্তে আমাৰ লিখনি সাৰ্থক হোৱা বুলি ধৰি ল'ম।

 ১৯৯১ চনৰ ১৬ জুলাইত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰো। দুই-চাৰিদিন ক্লাছ কৰাৰ পিছত দুজনমান ছাত্ৰই ক্লাছ নথকা সময়ত লগ ধৰি কথা-বাৰ্তা পতা আৰম্ভ কৰিলে। দুজনমানে সুধিলে—আপুনি হেনো ১৯৮১ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা ‘মেট্ৰিক' পৰীক্ষা পাছ কৰিছিল? মই হয় বুলি কোৱাত তাৰেই দুই-একে জনালে যে তেওঁলোক মোৰ সমনীয়া অৰ্থাৎ একেই বছৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰা। স্বাভাৱিকভাৱেই তাৰ পিছত তেওঁলোকে মোক তেওঁলোকৰ ক্ৰিকেট দলৰ সদস্য ভুক্তি কৰিলে। অপেনিং বলাৰ, বেটিঙত ৯-১০ নম্বৰ। তেওঁলোকৰ গান-বাজনাৰ আয়োজনৰ নিয়মীয়া তবলাবাদক আৰু শিক্ষামূলক ভ্ৰমণৰ 'টিচাৰ্ ইন্ চাৰ্জ'। ৭-৮ বছৰ সময় চকুৰ পচাৰতে