পৃষ্ঠা:গীতাসাৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫। আধ্যা ।
———•———
আত্মতত্ত্ব প্রকাশ—কৰ্ত্তব্যকৰ্ত্তা ।

 জ্ঞানযােগ আৰু কৰ্ম্মযােগৰ নিগূঢ় তত্ত্ব ব্যাখ্যা কৰি, ভগৱান(১) শ্রীকৃষ্ণই সাময়িক সমস্যা বুজি, এই বুলি প্রিয়শিষ্য আৰু প্রিয়সখি অৰ্জ্জুনৰ প্ৰতি আত্মতত্ত্ব ব্যাখ্যানত ধৰিলে, “এই অব্যয় জ্ঞানযোগৰ ব্যাখ্যা মই(২) আদিতে সূৰ্য্যক (৩) দিছিলোঁ; সূৰ্যৰপৰা মনুৱে আৰু মনুৰপৰা ইক্ষাকুৱে লাভ কৰে। তাৰ পাচত, ধর্ম্মভাবৰ দুর্বলতা, অজিতেন্দ্রিয়তা, কাম-ক্রোধাদিৰ বশবৰ্ত্তিতা ইত্যাদি দোষত বহুকাল ব্যাপি জীৱগণে সেই আত্মজ্ঞান হেৰুৱাইছিল। হে অৰ্জ্জুন! তুমি মােৰ ভক্তশিষ্য আৰু প্ৰিয়সখি; গতিকে তােমাত আজি সেই নিগূঢ় তত্ত্ব পুনৰপি ব্যক্ত কৰিলোঁ”(৪)

——————————————————————————————————————————————————————————————————————  (১) আত্মজ্ঞানৰ গৰাকী, অর্থাৎ ব্রহ্মজ্ঞানী হেতুকে শ্ৰীকৃষ্ণদেৱক ভগৱান বোলা যায়৷
 (২) “মই” বােলোঁতেই দ্বাপৰৰ শ্ৰীকৃষ্ণই অনাদি, সত্য আৰু ত্ৰেতাৰ মানৱক এই তত্ত্বজ্ঞান দিয়াটো অসম্ভৱ ভাবি উচাপ্ খাব লগীয়া হয়। কিন্তু, সৰ্ব্বশাস্ত্ৰবিশাৰদ নিগূঢ়তত্ত্বভদীযোগী পুৰুষ শ্ৰীকৃষ্ণদেৱে পূৰ্ব্বজন্মৰ তথ্য ধাৰণা কৰি এই কথা কোৱাত আচৰিত মানিবলৈ অকাট্য কাৰণ নাথাকে ।
 (৩) সূৰ্য্য ক্ষত্রিয়কুলৰ বীজস্বৰূপ বুলি মহাভাৰত, হৰিবংশ আৰু পুৰাণাদিত সাব্যস্ত কৰা হৈছে ৷
 (৪) গীতা, ৪ৰ্থ, আধ্যা, ১—৩ শ্লোক ।