পৃষ্ঠা:গল্প সংকলন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


সন্তান

 আবেলি পৰত সদায় “চাহ মজলিচত” বহোঁ। সিদিনাখন চাহ মেলত কেইজনমান ডেকাক ঘটনাটো শুনাইছিলোঁ। কথা কৈ ভাল লাগে তেওঁলোকৰ লগত। তেওঁলোকৰ কথাবোৰ সুন্দৰ। মাৰ্জিত ভাষা, অকাট্য যুক্তি, উচ্চ শ্ৰেণীৰ আলোচনা শুনিলে বুজিব পাৰি ডেকা কেইজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ।

 চাহ কাপৰ পৰা মুখ তুলি নতুন উৎসাহেৰে কবলৈ আৰম্ভ কৰিলোঁ, “অৱশ্যে যুদ্ধ-শান্তি-সভ্যতা জগতত চিৰন্তন চলি থাকিব—যেতিয়ালৈকে পৃথিবী খনত মানুহ নামব ‘ৰাজনৈতিক জন্তুটো’ জীয়াই থাকিব। যোৱা মহাযুদ্ধৰ কথাকে ধৰা যাওক— যুদ্ধখনে কি ভাৱে আমাৰ ব্যক্তিগত, সামাজিক আৰু অৰ্থ নৈতিক জীৱন স্পৰ্শ কৰিছে, আমি অসমৰ মানুহ খিনিৱে হাড়ে-হিমজুৱে গম পাইছোঁ।

 তেওঁলোকে যুদ্ধৰ আলোচনা নীৰবে শুনি আছে। মই প্ৰসঙ্গক্ৰমে সেই ঘটনাটোকে তেওঁলে কক কলো। খুব মনোযোগ আৰু আগ্ৰহেৰে শুনিলে; কিন্তু এজনে কাহিনীটো কাল্পনিক ঘটনা বুলিহে মন্তব্য কৰিলে—

 “কেপ্তেন মোহন সিং, বি-এচ্‌-চি, এম-বি এজন নাম কৰা বিলাত ফিৰৎ চাৰ্জ্জন। কব নোৱাৰো, কি কুক্ষণত তেওঁ চাকৰীৰ প্ৰাৰ্থী হৈ যুদ্ধত নাম দিছিল। কিছুমানে কয়—অৰ্থৰ তাড়নাত, কিন্তু বহুতৰ ধাৰণা—যুদ্ধৰ নতুন নতুন অভিজ্ঞতা লাভৰ আশাত। যাহক, তেওঁ ইম্ফল মিলিটাৰী বেচ্‌ কেম্প হচপিতালত ( Military Base Camp Hospital, Imphal) এচিচ্‌টেণ্ট্‌ চাৰ্জ্জন হিচাৰ যুদ্ধ ক্ষেত্ৰৰ ওচৰতে কাম কৰিছিল। ডাক্তৰৰ জীৱনটো কবলৈ গলে, ঘড়ী আৰু ৰোগীৰ টেটুত বন্ধা। এদিন ৰাতিপুৱা