সঁচাকৈয়ে এদিন বেয়া খবৰ আহিল—এখন টেলিগ্ৰামত। —“বৰ্ম্মা যুদ্ধত ৰাচিদ আলী নিহত হৈছে”। আমিনাৰ মনৰ কল্পনা-সন্দেহ দিঠকত পৰিণত হল। তাই বিধবা হল। এতিয়া ঘোৰ অন্ধকাৰ হল। যদিও যুদ্ধৰক্ষেত্ৰৰ নানা ঠাইত সৈনিকৰ মৃত্যু আৰু হতাহত লগতে আমিনাৰ দৰে অলেখ তিৰোতা বিধবা হল, তাৰ প্ৰকৃত খবৰ পাবলৈ টান। মৃত ৰাচিদৰ কাৰণে তাৰ বুঢ়ী মাকে আৰু আমিনাই হিয়া ধুনি কান্দিলে। যুদ্ধৰ বজাৰত এতিয়া সিহঁতৰ কি গতি হব? — একমাত্ৰ খোদাইহে জানে।
কন্টেক্টৰ হবিবৰ টেইলাৰিং বিভাগ—মিলিটাৰী পোষাক তৈয়াৰ কৰা আৰু যোগন দিয়া বিৰাট দৰ্জ্জিৰ কাৰখানা। এদিন ৰাতিপুৱা হবিবে সুসজ্জিত অফিচত গোলড্ ফ্লেক চিগাৰেট হুপি আৰামেৰে বহি আছে। এনেতে ৰচিদৰ বুঢ়ী মাকে লাখুটিত ভৰদি দোকানও সোমাল আৰু হবিবৰ ওচৰতে চকি এখনত বহি পৰিল।
হবিব—“পেহী, তই যে আকৌ টকাৰ কাৰণে মোৰ ওচৰত আহিবি, মই ঠিক জানো।” বুঢ়ী—“হবিব বাবা, এতিয়া আৰু আমাৰ কোনো উপায় নাই। সিদিনা তোৰ পৰা কুৰি টকা কৰ্জ্জা কৰিলো। কোনো মতে এসপ্তাহ নগল। আজি আকৌ আহিছো। যুদ্ধৰ বজাৰ—টকা দিলেও বস্তু নেপায়। কাগজৰ নোটবোৰ চলাই মিলিটাৰীয়ে সব কাঢ়ি নিলে। বাবা, আজিও কুৰি টকা মান নিদিলে নচলে।”
হবিব—“টকা? পেহী, আমাৰ আচল কামৰ কথা পাহৰিছা, দেখিছো? পেহী, তহঁতৰ ধাৰসুদে মুলে ছয়শ টকাৰ উপৰ হল—।”
বুঢ়ী—“মনত আছে বাবা, মাটিখিনিও সোনকালে তোৰ নামত লেখি দিম। ধাৰ মাৰিব নোৱাৰিলে মাটি যাবই। বাবা, পেটৰ দায়ত। মাটি বিক্ৰী কৰিবলৈ বাধ্য হৈছো। হবিব—“তেনে হলে পেহী, আমি কাইলৈ কাছাৰীত ৰিক্ষী দলিলখন ৰেজিষ্টাৰ্ড কৰিম আৰু বাকী চাৰিশ টকা নগদ একেলগে পাবি, বুজিছ। আজি টকা নেপাবি।” হবিবৰ কথাত বুঢ়ী নিৰুত্তৰ হৈ অধোমুখে ঘৰলৈ খোজ ললে।
⸻:০:⸻