যুদ্ধৰ বজাৰ
—বাৰু, তোমাৰ শিক্ষা?
—মেট্ৰিক ফেল, চাৰ।
—টাইপিং জানা নে?
—ভালদৰে ‘স্পিড’ অহা নাই।
—ম অতিশয় দুঃখিত তোমাৰু ফিৰাব লগীয়া হোৱাত। হতাশ নহবা, ডেকা লৰা। অইন কৰবাত — সামৰিক বিভাগত চেষ্টা কৰাই ভাল হব। ধন্যবাদ।
* * * *
এটা সাধাৰণ চাকৰিৰ কাৰণে প্ৰাৰ্থী হৈছিল মহম্মদ ৰাচিদ আলী। কেইবাটাও সাক্ষাৎ প্ৰসঙ্গত বিফল হোৱাত্ত সি নিজক নিজে ধিককাৰ দিয়ে আৰু নিয়োগকাৰী অফিচাৰ সকলৰ ওপৰত তাৰ ভীষণ ৰাগ হয়।
মহম্মদ ৰাচিদ আলী এজন শিক্ষিত বেকাৰ, তদুপৰি সি বিবাহিত। আজি ইমান দিনে চাকৰি বিচাৰি হায়বাণ। সি সদায় চাকীৰ পিছে পিছে ঘুৰিছে, কিন্তু কোনো চাকৰীয়ে তাক লগ দিয়া নাই। বৰ ভাগ্যহীন সি। চাকৰীৰ মোহত সি বহু কাগজ কালি খৰছ কৰিছে, কত জনক খোচামুদ কৰিছে আৰু বহুতক ভেটিভুটাও দিছে। তাৰ ফলত একোৱেই নহল তাৰ জীৱনত। অৱশেষত নিজৰ ব্যৰ্থ জীৱনৰ কথা ভাবি সি বৰ হতাশ হয়। — মাত্ৰ এটি সাধাৰণ চাকৰি সামান্য কেৰাণীৰ কাম এটা পালেও সিহত তিনিটা প্ৰাণীৰ গৰীৰ পৰিয়ালটো কোনো মতে চলি যাব পাৰে। তাৰ আপচোচ হয়,—কত বিদেশী আহি অসমত চাকৰি পায়, অথচ সি মাটিৰ সন্তান হৈ চাকৰী নেপায়, ধন ঘটিবলৈ, কাৰবাৰ কৰিবলৈ সুচল নাপায়। সুজলা