পৃষ্ঠা:গল্প সংকলন.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কেম্পত এৰাতি


 অবশ্যে, আশাৰ বাপেক মাক মোৰ অপৰিচিত নহয়। ‘ৰিফিউজী কলোনীৰ’ ভিতৰত তেওঁলোক বেচ ভদ্ৰ আৰু গন্যমান্য লোক। এই অঞ্চলত বহুদিন জৰিপ কাৰ্য্য কৰি তেওঁলোকৰ লগত ভালভাবে চিনাজনা হৈছিল। মাজে সময়ে মোক নিমন্ত্ৰণ কৰিছিল। দেখিলো—মই ছোৱালীৰ প্ৰেমজালত ভালকৈয়ে আৱদ্ধ হলো আক দিনে দিনে তাইৰো মোৰ প্ৰতি আসক্তি বাঢ়িব ধৰিছে। ভাই, দুৰ্ব্বল মুহূৰ্ত্তত মানুহে অনেক কিছু কৰিব পাৰে; কিন্তু এদিন সত্যকথা প্ৰকাশ পাবই।

 এবাৰ ইয়াতে বৰ কঠিন মেলেৰিয়াত ভুগিলো। টান জ্বৰত প্ৰাণ যায় যায় অৱস্থা। কিন্তু সেই মণ্ডল পৰিবাৰৰ সহায় সাহাৰ্য্য আৰু বিশেষকৈ আশাৰ সেৱা শুশ্ৰূষা নোপোৱা হলে আজি আপুনি মোক এনে অৱস্থাত নেদেখিলে হেতেন। এই মোৰ বিয়া নহয় — প্ৰতিদান! এজনী অনাথিনী বঙালী যুবতীৰ যথাসৰ্ব্বস্ব গ্ৰহণৰ পৰিবৰ্ত্তে এজন প্ৰবাসী অসমীয়া ডেকাৰ হৃদ- য়ৰ সমুচিত প্ৰতিদান। শেহত আমাৰ এই বিয়াৰ পৰিণাম কি হয় নাজানো। কিন্তু যি কোনো অৱস্থাৰ সম্মুখীন হবলৈ মই অন্তৰত সাহস ৰাখিছো। আমি এদিন স্বদেশলৈ ফিৰি যাবই লাগিব। নিজৰ জননী জন্মভূমিৰ দৰে কোন হব পাৰে? আপুনি ঘৰলৈ যাব যেতিয়া, মোৰ সকলো কথা তেওঁলোকক বুজাই কব দেই। আশা কৰোঁ—এজন বন্ধুত্ব অনুৰোধ ৰাখিব।”

⸻:০:⸻