পৃষ্ঠা:গল্প সংকলন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
গল্প সংকলন ২য় ভাগ

শুফলা অসম মাতৃভূমিত তাৰ দৰে হতভগীয়াৰ কাৰণে অন্নবস্ত্ৰৰ কোনো সংস্থান নাই। ৰাচিদৰ মনটো বৰ বিদ্ৰোহী হৈ উঠে আৰু নিজ লৈ বৰ খং উঠে। নিজৰ ভৰনপোষনৰ ব্যবস্থা আৰু নিয়মিত আয় নোহোৱাকৈ ৰাচিদে আৰু এজনীক বিয়া কৰাই নিজৰ কান্ধত মেটমৰা বোজাটো তুলি ললে। তাৰ নো কি দোষ?

 তাৰ ঘোৰ আপত্তি স্বত্তেও তাৰ আববাজান নিজৰ বুঢ়ী মাকৰ মতত ৰাচিদে বিয়াখন পাতিলে। সি আববাজানৰ কথা পেলাব নোৱাৰে। মৰাৰ আগতে মাকে তাইৰ এক মাত্ৰ ডেকা লৰাৰ বিয়াখন চাবলৈ কত হাবিয়াস কৰে! মাকে এজনী নবোৱাৰী আমিনাক আনিলে ৰাচিদৰ ঘৰ শুৱনি কৰি। বুঢ়ীয়ে আমিনাক সদায় পদানচীন মহিলাৰ দৰে ৰাখিবলৈ বিচাৰে, নিজৰ জীয়েকৰ দৰে। কিন্তু, কেবল মৰম চেনেহেৰে মানুহৰ পেট নভৰে। এই সংসাৰত মানুহে ভবামতে কাম হৈ নুঠে প্ৰতিকূল অবস্থাত পৰিলে আৰু বিশেষকৈ গৰীব হৈ জন্মিলে।

 অবশেষত উপায় হীন, বাধ্য হৈ পেটৰ দায়ত ৰাচিদে মিলিটাৰীত ভক্তি হোৱাকে সিদ্ধান্ত কৰিলে। তাৰ বন্ধু হবিবে তাক এদিন এই কথা কৈছিল। সি জানে আৰু নিজে দেখিছেও—এই যুদ্ধৰ বজাৰ খনে এনিশাৰ ভিতৰতে বহুতৰ ভাগ্য পৰিবৰ্ত্তন কৰিছে। ইতিমধ্যে ৰাচিদৰ দৰে বেকাৰ হবিবে ও যুদ্ধৰ বজাৰত থিকা-কাৰবাৰ কৰি অনেক টকাৰ মালিক হল

 এফালে সাম্ৰজ্যবাদী সকলৰ যুদ্ধ, আনফালে দেশব্যাপী যুদ্ধ বিৰোধী আন্দোলন-স্বাধীনতাৰ যুদ্ধ। লগতে শত্ৰুপক্ষত্ৰ আক্ৰমণে বিদেশী চৰকাৰক খুব বিব্ৰত কৰি তুলিছে। স্বদেশ প্ৰেমী দেশৰ জনতাই বিদেশী শাগনৰ অবসান ঘটাবলৈ শেষ আঘাত হানিছে,——দেশজুৰি যুদ্ধ বিৰোধী আন্দোলন পূৰা দমে চলাইছে----।

 ৰাচিদ এজন শিক্ষিত যুবক। অন্তৰত তাৰো স্বদেশ প্ৰেম আছে। বিদেশী শোষণকাৰী সকল আৰু বিশ্বাস ঘাছক দেশদ্ৰোহী সকলৰ ওপৰত