সমললৈ যাওক

পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
কৰ্ণপৰ্ব্ব।


মাৰিয়া দিলেক ভীমে কিল গোটাচাৰি।
দান্ত নিকোটাই সিটো থাকিলেক পৰি॥ ৪৫৫
গালে, মুখে সৰ্ব্বাঙ্গেতে কালি ছুন দিলা।
মৃতকৰ মুণ্ড দুই কৰ্ণত আৰিলা॥
গাৱৰ সমস্ত বস্ত্ৰ লৈলেক কঢ়িয়া।
গুপ্তাঙ্গক দেখি সবে মৰয় হাসিয়া॥ ৪৫৬
পাছে ভীমে এক গোটা আনিয়া চামৰ ১।
আৰিলেক শকুনিৰ আগে উপস্থৰ ২॥
পুনু ভীমে কুৰি গোটা চামৰক আনি।
হাতে, পাৱে ঠাই ঠাই বান্ধিলেক টানি॥ ৪৫৭
বথৰ পাতকা যত পৰিয়া আছিলা।
বিচাৰি আনিয়া ভীমে গাৱত আৰিলা॥
মনুষ্যৰ মুণ্ডে মালা গাঠী বৃকোদৰ।
হাসি হাসি গলে মালা দিলা গান্ধাৰৰ॥ ৪৫৮
হস্তিনীৰ মুণ্ড এক বান্ধিলা গলত।
চিনিবে নোৱাৰি যেন বৈৰাগি সাক্ষাত॥
শকুনিক পাণ্ডৱৰ সেনাগণে বেঢ়ি।
নাচ নাচ বুলি সব বজায়ে চাপৰি॥ ৪৫৯
কতো কান মোচৰয় কতো ধৰে নাক।
কতো ভীমে ধৰি তাক ফুৰাৱয় পাক॥
তাহাৰ অৱস্থা দেখি কৃষ্ণ, ধনঞ্জয়।
সাত্যকি পাঞ্চাল আদি যত বীৰ চয়॥ ৪৬০


১।চোৱৰ ২।কাণ,অণ্ড