পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
কৰ্ণবধ


এক শৰ ভীমৰ হানিলা ললাটত।
সাতশৰ কোপে প্ৰহাৰিলা হৃদয়ত।
চাৰি গোটা ঘোৰাক টাৰিলা চাৰি শৰে।
তিনি শৰ হানিলেক ভীমৰ উদৰে॥ ৪৫০
হেন দেখি ভীমসেনে নগনিয়া তাক।
শকুনিক কৰিহে লাগিলা শৰ জাক॥
নাকে, কানে, ওঠে, কণ্ঠে ললাটে, উদৰে।
শকুনিক প্ৰহাৰিলা অসংখ্যাত শৰে॥ ৪৫১
মুঠিতেসে ধনুখান কাটিল শকুনিৰ।
এক শৰে শিৰ ছেদিলেক সাৰথিৰ॥
পুনৰপি শকুনিক হানি দুই বাণ।
দশ শৰে কাটিয়া পেলাইলা ৰথ খান॥ ৪৫২
মনে বোলে ভীমে জানো আৰু কৰে শৰ।
ৰথৰ নামিয়া ভিৰি দিলেক লৱৰ॥
শকুনি পলাই ভীমসেনে আছে চাই।
মহাকোপ মনে পাছে পাছে খেদি যাই॥ ৪৫৩
পাঞ্চ পাঞ্চ ভৰি খেদি লাগ পাইলা তাক।
ছুলত ধৰিয়া নিলা আপোন সেনাক॥
শকুনিক ঘষাই আনিলা বৃকোদৰ।
কিৰিটী কুণ্ডল আৰু জাখৰ (১) গাৱৰ॥ ৪৫৪
কাঢ়ি লৈয়া দুৰক পেলাইলা লাঠি মাৰি।
খুৰপতি শৰে খুৰাইলা ছুল দাবি॥