পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৩]

উলিয়াই দি আমাৰ পৰম উপকাৰ কৰিছে॥ ফুকনে বোৱাৰীৰ যি অবস্থা। বৰ্ণাই কলে তাক কোনোৱে নুই কৰিব নোৱাৰে। ফুকনৰ কথা শুনি ভবিষ্যতলৈ সকলোৱে সাৱধান হোৱা উচিত। ৰাজখোৱা ডাঙ্গৰীয়াই কিয় বেয়া বুলিলে ( চাপৰি ) মই বুজিব নোৱাৰিলোঁঁ। ৰোগ হলে লুকাই ৰখা বুদ্ধিমানৰ কৰ্ম্ম নহয়। আমাৰো এইটি ৰোগ হৈছে, তাক লুকাই নাৰাখি গুচাবৰ উপায় কৰাহে উচিত। লাজলৈ ভয় কৰি ঢাকি থলে এই দোষ চিৰকাল থাকিব। মই আৰু আপোনালোকক বহুত পৰ নাৰাখোঁ। ফুকনে যি কথা কৈছে তাত যোগ দিবলৈ মোৰ আন কথা নাই। এতেকে ফুকন ডাঙ্গৰীয়াক তেখেতৰ বহুমূলীয়া বক্তৃতাৰ বাবে শত ধন্যবাদ দি আজিলৈ সভা সম্বৰণ কৰা হল” ( চাপৰি )

 সভা ভাগিলত আমি গুচি আহিলোঁ। কিন্তু ফুকনৰ কথা কেই আষাৰ চিৰকাললৈ মনত থাকিব যেন বোধ হৈছে। তেখেতে অসমীয়া বোৱাৰীৰ অৱস্থাৰ যি চিত্ৰ আঁকি দেখুৱালে,সি এতিয়াও আমাৰ চকুৰ আগত চকমকাই আছে।