পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ।
১০৯

সূৰ্য্যৰ কিৰণ তাপে বৰ গাৱ পুৰে।
পিয়াসিল বানৰ আকুল জলে লৰে॥
গল তাল সুখাই গৈল মুখে নাহি পান।
জল নপাই যোলে ভৈলোঁ প্ৰাণৰ নিৰ্জ্জান॥
হতাসে বসিল সবে দক্ষিণ লক্ষি।
কতো দূৰে দেখে উৰে জলচৰ পক্ষী॥
ৰাজ হংস চক্ৰবাক উৰয় সাৰঙ্গ।
ডাউক শৰালি কটা ছটক বিহঙ্গ॥
লৰুৱালি ভেড় ঘোঘ উৰিযাই কঙ্ক।
পাতি কাউৰ পানী কাউৰ আৰু মাছ ৰঙ্ক॥
তাক লাগি লড়িল বানৰ সমস্তয়।
ভয়ঙ্কৰ গৰ্ত্ত গোট দেখিলা তথায়॥
পৃথিৱীৰ মুখ যেন বহল বিস্তৰ।
হনুমন্তে বোলে কিনো গৰ্ত্তেক অপৰ॥
সকল বানগণে ধৰি হাতে হাতে।
জল পান মনে সবে পশিলেক তাতে॥
চক্ষুৱে নেদেখে মুখে মাতন্ত মাতৰ।
এক মাসে পাইল গৈয়া গৰ্ত্তৰ ভিতৰ॥
কতো বেলি পাইলা পাছে বিবৰৰ ওৰ।
প্ৰকাশ দেখিয়া ভয় গুছিল দুৰ্ঘোৰ॥