পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাৰেঙৰ লিগিৰী


সংস্পৰ্শত আহিলে সি তোমাক জুৰি লব। সেই কাৰণে মুক্তি আৰু শান্তিপ্ৰয়াসী মুনি-ঋষিসকলে, আমাৰ ধৰ্মৰ বহু শাস্ত্ৰই কামিনী কাঞ্চন ত্যাগ কৰি তাক দূৰতে বিদূৰ কৰিবলৈ কৈছে। তেওঁলোকৰ বহু গবেষণা, চিন্তা আৰু অভিজ্ঞতাৰ ফলত এনে এটা পন্থাৰ উদ্দেশ্য আমি পাইছো যে সেই পন্থা যেতিয়া মোৰ মনঃপুত হৈছে; তোমালোকে বলেৰে মোক কি আন বাটেদি নিব খুজিছা?

সুদৰ্শন—সেইবোৰ শাস্ত্ৰকাৰ আৰু মুনি-ঋষিৰ মনৰ বেমেৰুৱা অৱস্থাত সপোনত দেখা পন্থা। সেইবোৰ মাত্ৰ অলঙ্কাৰ আৰু ছন্দ শাস্ত্ৰ-সম্মত শ্লোক ছন্দৰে লিখা মিছা যুক্তিপূৰ্ণ প্ৰলাপৰ বাহিৰে আন একো নহয়।

সুন্দৰ--বেছ বেছ, বেছ কলা কিন্তু। সেই বুলি সহজে তোমাৰ যুক্তিত মই পতিয়ন যাম বুলিও নাভাবিবা। বন্ধু, তোমাৰ তৰ্কৰপৰা আমাক ৰেহাই দিব লাগে। তৰ্কৰ জালেৰে বুকৰ ভাব বন্দী নহয়। (কিছুপৰ তলকা মাৰি থাকি) নহয় নহয়, মোৰ বিবাহ নহব। মোৰে সৈতে আৰু তৰ্ক নকৰিবা। বিয়াৰ ৰভা ঘৰৰ তলেদি অগ্নিক সাক্ষী কৰি, কন্যাৰ আঁচলৰ গাঠিত হে যদি মোৰ ৰাজমুকুট আহিবৰ বাট—তেন্তে সি দূৰতে পাওক। সম্বন্ধ নথকা কথাৰে বিশেষ সম্বন্ধ পাতি তাক অছেদ অভেদ বুলি দেখুৱাব পৰা অলীকপ্ৰিয় তিৰোতাৰ ইও এটা ওজা কাৰিকৰী।

[ ৰাজমাও বৰ খঙমুৱা হৈ সোমাই আহে ]

ৰাজমাও—মোৰ তৰ্কবাগীশ পুত্ৰ—তই ইয়ালৈকে শাস্ত্ৰ পঢ়িলি। বেদ-বেদান্তই ইয়াকে কয়? পুৰাণ ভাৰতে মাতৃ আজ্ঞা লঙ্ঘন