পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ২থ অ-৪ৰ্থ দৃ
৬৩
কাশ্মীৰ কুমাৰী

প্ৰতাপ— যি অৱশিষ্ট সৈন্য আছে তাৰেই শত্ৰুৰ সন্মুখীন হম।

বিজয়— সাত লক্ষ সৈন্য বলি দিও যি শত্ৰুৰ হাতৰ পৰা কাশ্মীৰ ৰক্ষা কৰিব নোৱাৰিলা, কাশ্মীৰ ৰক্ষাৰ কাৰণে আজি মাত্ৰ আঢ়ৈ লক্ষ সৈন্য লৈ সেই শত্ৰুৰ সন্মুখীন হবা! প্ৰতাপ। [ প্ৰতাপে তলমূৰ কৰে।]

অনঙ্গ- মহাৰাজ, মোৰ এটি প্ৰাৰ্থনা আছে। যদি পূৰ্ণ কৰে নিবেদন কৰিব পাৰো।

বিজয়- কওক যুবৰজ। যদি সাধ্যাতিত নহয় নিশ্চয় পূৰ্ণ কৰিম।

অনঙ্গ- আপোনাৰ আঢ়ৈ লক্ষ সৈন্য মোক দিয়ক। মহাৰাজ বিশ্বসিংহৰ বিৰুদ্ধে কামৰূপীৰ বিৰুদ্ধে এবাৰ অস্ত্ৰ চালনা কৰো।

বিজয়- পিতাৰ বিৰুদ্ধে যুদ্ধ কৰিব! কামৰূপৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব!

অনঙ্গ- পিতাৰ বিৰুদ্ধে নহয়, জন্মভূমি কামৰূপৰ বিৰুদ্ধে নহয়। মহাৰাজ বিশ্বসিংহৰ বিৰুদ্ধে, পাঁচ লক্ষ কামৰূপী দস্যুৰ বিৰুদ্ধে আজি অস্ত্ৰ ধাৰণ কৰাৰ প্ৰয়োজন হৈছে। এই প্ৰয়োজন ধৰ্ম্মৰ বাবে, মনুষ্যত্বৰ বাবে, পুৰুষত্বৰ বাবে।

বিজয়- যি জন কামৰূপী বীৰে এদিন বিপন্ন বিজয়সিংহক ৰাজ্য-দান কৰিছিলে, সেই বীৰৰ হাতত আজি বিজয়সিংহৰ আঢ়ৈ লক্ষ সৈন্য পৰিচালিত হ’ব, সি যে সৌভাগ্যৰ কথা। কি কোৱা সেনাপতি?