কাশ্মীৰ কুমাৰী [ ২থ অ-৪ৰ্থ দৃ কলি যুগতত অৰ্ধদগ্ধা কাশ্মীৰক ছাই ভস্ম কৰা একো অসম্বব নহয়। বিজয়- এই দ্বিতীয় অভিজান উদ্দেশ্য কি যুবৰাজ? অনঙ্গ— কাশ্মীৰ জনশূন্য কৰা। মহাৰাজ বিজয়সিংহ আৰু ৰাজকুমাৰীৰ ওপৰত প্ৰতিশোধ লোৱ॥ মন্ত্ৰী- উপহাস নকৰিব ৰাজপুত্ৰ। অনঙ্গ মন্ত্ৰীবৰ, সুদূৰ কামৰূপৰ প্ৰা আহি কাশ্মীৰত উপহাস কৰিবলৈ অনঙ্গ উন্মাদ হোৱা নাই। প্ৰতাপ [ গহীন হৈ ] কামৰূপৰ যুবৰাজেই বোধকৰো এই যুদ্ধৰো অধিনায়ক। অনঙ্গ-ভুল নকৰিব সেনাপতি। হাৰাজ, আগেয়েই কৈছে। মই এটা নগন্য কামৰূপৰ প্ৰজা মাত্ৰ। অধিনায়ক সেনাপতি সূৰ্যসিংহ আৰু কাশ্মীৰৰ মন্ত্ৰীপুত্ৰ অনন্ত মন্ত্ৰী-অনন্ত? প্ৰতাপ-অনন্ত। বিজয়-বুজিলোঁ। [ হুমুনীয়া কাঢ়ি দুখে বেজাৰে মন্ত্ৰীৰ লাহে লাহে প্ৰস্থান। বিজয়-[ দুখেৰে ] যুবৰাজ, কাশ্মীৰ ধ্বংস ঈশ্বৰৰ অভিপ্ৰেত; মানুহৰ ক্ষুদ্ৰ শক্তিৰে তাত বাধা দি লাভ কি? প্ৰতাপ—সেই বুলি বিনাযুদ্ধে কামৰূপীৰ হাতত, অনন্তৰ হাতত আত্মসমৰ্পণ নকৰে মহাৰাজ। বিজয়—যুদ্ধ কৰিবলৈ সৈন্য ক’ত সেনাপতি?