পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
[ ২থ অ-৪ৰ্থ দৃ
কাশ্মীৰ কুমাৰী


কলি যুগতো অৰ্দ্ধদগ্ধা কাশ্মীৰক ছাই ভস্ম কৰা একো অসম্ভব নহয়।

বিজয়- এই দ্বিতীয় অভিজানৰ উদ্দেশ্য কি যুবৰাজ?

অনঙ্গ— কাশ্মীৰ জনশূন্য কৰা। মহাৰাজ বিজয়সিংহ আৰু ৰাজকুমাৰীৰ ওপৰত প্ৰতিশোধ লোৱাঁ।

মন্ত্ৰী- উপহাস নকৰিব ৰাজপুত্ৰ।

অনঙ্গ- মন্ত্ৰীবৰ, সুদূৰ কামৰূপৰ পৰা আহি কাশ্মীৰত উপহাস কৰিবলৈ অনঙ্গ উন্মাদ হোৱা নাই।

প্ৰতাপ- [ গহীন হৈ ] কামৰূপৰ যুবৰাজেই বোধকৰো এই যুদ্ধৰো অধিনায়ক।

অনঙ্গ-ভুল নকৰিব সেনাপতি। মহাৰাজ, আগেয়েই কৈছোঁ মই এটা নগন্য কামৰূপৰ প্ৰজা মাত্ৰ। এই যুদ্ধৰ অধিনায়ক সেনাপতি সূৰ্য্যসিংহ আৰু কাশ্মীৰৰ মন্ত্ৰীপুত্ৰ অনন্ত

মন্ত্ৰী-অনন্ত?

প্ৰতাপ-অনন্ত।

বিজয়-বুজিলোঁ।

[ হুমুনীয়া কাঢ়ি দুখে বেজাৰে মন্ত্ৰীৰ লাহে লাহে প্ৰস্থান।

বিজয়-[ দুখেৰে ] যুবৰাজ, কাশ্মীৰ ধ্বংস ঈশ্বৰৰ অভিপ্ৰেত; মানুহৰ ক্ষুদ্ৰ শক্তিৰে তাত বাধা দি লাভ কি?

প্ৰতাপ—সেই বুলি বিনাযুদ্ধে কামৰূপীৰ হাতত, অনন্তৰ হাতত আত্মসমৰ্পণ নকৰো মহাৰাজ।

বিজয়—যুদ্ধ কৰিবলৈ সৈন্য ক’ত সেনাপতি?