পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কামিনীকান্তৰ চৰিত্ৰ
 

ৰূপে লিখা আছে; তাক মন দি পাঠ কৰিলে সকলোকে সুগমে বুঝিব পাৰিবা। য়ীশু খ্ৰীষ্টে এই পৃথিবীত যি কৰিছিলে, সেই সকলোকে ভাল মতে জানিব পাৰিবা।

 সৰলা, শেষ পত্ৰৰ শেষত তুমি এতি প্ৰশ্ন সুধিছা। তাৰ উত্তৰ এই ঠাইত দিছোঁ। তুমি কৈছা, ঈশ্বৰ সৰ্ব্বজ্ঞানী হৈয়ো মনুষ্য জাতি পাপত পতিত হব বুলি জানিও সিবিলাকক কিয় সৃষ্টি কৰিলে। দেখা সৰলা, এই বিষয়ে কোনো ৰূপে ঈশ্বৰৰ ওপৰত দোষ নদৰ্শে। ঈশ্বৰে জানিছিলে যে মানুহে তেওঁৰ আজ্ঞা উলংঘন কৰিব; জানিছিল বুলি এই কি প্ৰকাৰে তেওঁক দোষ দিব পাৰা। তেওঁ সিবিলাকক পাপ কৰিবলৈ অনুমতিও দিয়া নাই, তেওঁক কি বুলি দোষ দিবা? তেওঁ মানুহক স্ৰজিলে, স্বাধীন ইচ্ছা প্ৰদান কৰিলে; মানুহে আপোনাৰ ইচ্ছাৰ অধীনত পাপ কৰি পতিত হল। আদম আৰু হৱাৰ ইচ্ছা স্বাধীন আছিল, অন্যৰ ইচ্ছাৰ অনুসৰি হৈ সিবিলাকে কৰ্ম্ম কৰিব নেলাগিছিল। তেন্তে যদি সিবিলাকে আপোন ইচ্ছাৰ অধীন হৈ বাৰণ কৰাতো ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, আৰু সিবিলাকে যে তেওঁৰ আজ্ঞা উলংঘণ কৰিব, ইয়াক কেৱল জানিছিল বুলি কি ঈশ্বৰক দোষ দিব পাৰা নে? কোনোৰূপে নহয়। মানুহে আপোন দোষে ঈশ্বৰৰ বিৰোদ্ধে আচৰা হৈ তেওঁৰ দণ্ডৰ পাত্ৰ হল, তাতে ঈশ্বৰৰ দোষ কি? আদম আৰু হৱাৰেই সম্পুৰ্ণ দোষ।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।

( সৰলাৰ উত্তৰ)

প্ৰাণৰ অধিক,

 আপোনাৰ সপ্তম পত্ৰ পাইছোঁ, খ্ৰীষ্টৰ ধৰ্ম্মৰ পাপৰ প্ৰায়শ্চিত্তৰ সমন্ধে যি উপায় নিৰূপন কৰা হৈছে, আপোনাৰ পত্ৰত আপুনি যিবিলাক কথা প্ৰকাশ ৰূপে লিখিছা, তাকে মন দি পাঠ কৰিলোঁ, সেইয়ে যে মুক্তিৰ সিদ্ধি, তাৰ কোনো সংশয় নাই। পাপী মানুহক তাৰ পাপৰ