পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৪৭
 

উচিত দণ্ড ভোগ কৰিবৰ অসমৰ্থ দেখি দয়াময় সৃষ্টি কৰ্ত্তা যি জনা, তেওঁ আপোন অদ্বিতীয় পুত্ৰকে সেই দণ্ড ভোগ কৰিবলৈ এই পৃথিবীলৈ পঠাইছিল; সেয়ে যে বিশ্বাসব যোগ্য, তাকেই সকলোএই স্বীকাৰ কৰিব লাগিব। ত্ৰাণ কৰ্ত্তা প্ৰভু য়ীশু খ্ৰীষ্টে দণ্ডৰ পাত্ৰ হোৱা মানুহৰ প্ৰতিনিধী হৈ আপুনি সেই দণ্ড গ্ৰহণ কৰি মনুষ্যক দণ্ডৰ পৰা মুক্তি কৰিলে, পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে, তাক কোনে অস্বীকাৰ কৰিবৰ সাহ আছে? আপোনাৰ প্ৰাণ পৰিত্যাগ কৰি আমাৰ সকলৰ ত্ৰাণকৰ্ত্তাই ন্যায়ৱন্ত ঈশ্বৰৰ সত্যক প্ৰকাশ কৰিলে, তাক বুঝিব পাৰিলোঁ, আৰু তাৰ দ্বাৰায় ঈশ্বৰৰ যি দয়াৰ গুন প্ৰকাশ হৈছে, তাকো দেখিবলৈ পাইছোঁ, ইয়াৰ বিৰোন্ধে মোৰ আৰু একোকেই কবলৈ নাই। তথাপি আৰু কিছুমান বুঝিবৰ প্ৰয়োজন; এতিয়া অনেক বুঝিব পাৰিছোঁ, আপুনিএই ধৰম পুথি পাঠ কৰিম। যি ঠাইত সংশয় হব, নাইবা বুঝিব নোৱাৰিম, তাক আপোনালৈ লিখি পঠাম। ধৰ্ম্মৰ সম্বন্ধে বিশেষকৈ নুবুঝি কিছু স্থিৰ কৰা কোনো ৰূপে উচিত নহয়। খ্ৰীষ্টৰ ধৰ্ম্মক আশ্ৰয় কৰিবৰ মোৰ যে কোনো বিশেষ আপত্তি আছে, তেনে নহয়; কিয়নো উত্তম ৰূপে নুবুঝি কোনো কাৰ্য্য কৰা উচিত নহয়, বিশেষকৈ যেতিয়া ধৰ্ম্ম পৰিত্যাগ কৰি আন এক ধৰ্ম্ম আশ্ৰয় কৰিম, তেতিয়া সেই ধৰ্ম্মৰ বিষয়ে বিশেষ ৰূপে জ্ঞাতো নহৈ তাক গ্ৰাহ্য কৰিব পৰা নেযায়। হিন্দু ধৰ্ম্ম আৰু বিশ্বাস কৰিব নোৱাৰোঁ। তাত আৰু কোনো ৰূপে ভক্তিও নহয়। খ্ৰীষ্ট ধৰ্ম্মৰ বিষয়ে যি কিছু লিখিছা, আৰু ধৰম পুথিৰ পৰা যি কিঞ্চিতমান পাঠ কৰিছোঁ, তাতে সম্পূৰ্ণ বিশ্বাস জন্‌মিছে; কিঞ্চিতমানো আপত্তি নাই। আৰু কিছু পাঠ কৰোঁ, আৰু কিছুমান জ্ঞাতো হওঁ, তেনে হলে খ্ৰীষ্টৰ ধৰ্ম্মত আশ্ৰয় কৰিম।

 দেখোক, মোক নেপাহৰিবা, প্ৰতি দিনে প্ৰাৰ্থনাৰ সময়ত সোঁৱৰণ কৰিবা। আপুনি মোক যি উপকাৰ কৰিছে, তাক কৈ প্ৰকাশ কৰিব নোৱাৰোঁ। মোৰ আত্মাক যে বিনাশৰ পৰা ৰক্ষা কৰিছা, ইয়াত্ কৈ আৰু কি উপকাৰৰ সম্ভও। এই শৰীলক অনেকেই ৰক্ষা কৰিব পাৰে,