পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৪৫
 

অসমৰ্থ হল। সেই নিমিত্তে ঈশ্বৰৰ অদ্বিতীয় পুত্ৰ যি জন। স্বয়ং ঈশ্বৰ, তেওঁৱে মনুষ্যৰ প্ৰতিনীধি হৈ সেই দণ্ড ভোগ কৰিলে, পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে, আৰু পাপী মানুহক পাপৰ দণ্ডৰ পৰা মুক্ত কৰিলে। দেখা, মানুহে পাপ কৰিছিল, তেজ, মঙ্গহ, শৰীৰ বিশিষ্ট হৈ পাপ কৰিছিল, সেই কাৰণে মনুষ্য শৰীৰত সেই পাপৰ প্ৰায়শ্চিত্ত হোৱাই উচিত। তাৰ কাৰণে ঈশ্বৰৰ পুত্ৰ মনুষ্য ৰূপ অন্নতাৰ হল, শৰীৰ বিশিষ্ট মনুষ্য হল, আৰু মনুষ্য শৰীৰেৰে পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে। আৰু দেখা, মানুহে এই পৃথিবীত পাপ কৰিছিল, এই নি সেই ঈশ্বৰৰ পুত্ৰয় স্বৰ্গ পৰিত্যাগ কৰি এই পৃথিবীত জন্ম গ্ৰহন কৰিলে আৰু এই পৃথিবীত পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে। এতিয়া বুঝিব পাৰিছা, খ্ৰীষ্টৰ ধৰ্ম্মৰ দৰে প্ৰায়শ্চিত্ত কি? ঈশ্বৰৰ পুত্ৰ, নাইবা ঈশ্বৰে মানুহৰ পুত্ৰ হৈ মানুহৰ দেহ ধাৰণ কৰি মনুষ্য ৰূপে অৱতাৰ হৈ স্বৰ্গ পৰিত্যাগ কৰি, পৃথিবীলৈ আহি মনুষ্যৰ শৰীৰত আপোন প্ৰাণ অৰ্পণ কৰিলে, আৰু তেওঁৰ মৃত্যুত সমস্ত জগতৰ পাপৰ প্ৰায়শ্চিত্ত একে কালে কৰা হল। যি কোনোএ তেওঁৰ সেই প্ৰায়শ্চিত্তত বিশ্বাস কৰিব, সি পাপৰ দণ্ডৰ পৰা মুক্ত হৈ, অনন্ত মৃত্যুৰ পৰা উদ্ধাৰ পায় পৰিত্ৰাণ লাভ কৰিব।

 দেখা সৰলা, তুমি সুধিব পাৰা, যীশু খ্ৰীষ্ট ঈশ্বৰ হৈ কিৰূপে মনুষ্য অৱতাৰ হল। দেখা, তেওঁ এক কুমাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। ইয়াকে শুনি বিস্ময় নহবা, ঈশ্বৰৰ অসাধ্য একো নাই। যদিও যীশু খ্ৰীষ্ট মনুষ৷ অৱতাৰ হৈছিল, তথাপি তেওঁত পাপৰ লেশ মাত্ৰও নাছিল। তেওঁ সম্পূৰ্ণ ৰূপে পবিত্ৰ; তেনে নহলে তেওঁ কি প্ৰকাৰে পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ শক্তিমন্ত হলহেঁতেন? তেওঁ যদি আমাৰ সদৃশ জন্মগ্ৰহণ কৰিলেহেঁতেন, তেন্তে সেই আদি পিতৃৰ পাপত তেওঁৱো পাপী হল- হেঁতেন। দেখা, এই নিমিত্তে তেওঁ এক কুমাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে৷ তেওঁ এই পৃথিবীত প্ৰায় ৩৩ বছৰ আছিল। তোমালৈ যি ধৰ্ম্মপুথি পঠিয়াই দিছোঁ। তাতে তেওঁৰ জীৱনৰ চৰিত্ৰ অতি উত্তম