পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কামিনীকান্তৰ চৰিত্ৰ
 

পাৰিব? কি আশ্চৰিতৰ বিষয়, এই ৰূপ দয়ালু পিতৃক আমি প্ৰেম কৰিব নোখোজোঁ; তেওঁৰ প্ৰেম আমি অনেক সময়ত ভ্ৰম হওঁ আৰু যিহতে তেওঁ কোপিত হয়, তাকেই কৰিবলৈ কাৰ্ব্বাৰী হওঁ!

 আমাৰ সকলৰ আদি পিতৃ মাতৃএ ঈশ্বৰৰ বিৰোদ্ধে পাপ কৰি তেওঁৰ দণ্ডৰ পাত্ৰ হল, আৰু তাৰ দ্বাৰায় আপোনাৰ বংশবিলাককো যে তেওঁৰ অনন্ত দণ্ডৰ পাত্ৰ কৰিলে, তাক আগৰ পত্ৰত তোমালৈ লিখিছোঁ। সেই অনন্ত সান্তিৰ পৰা পাপী মানুহে কি প্ৰকাৰে মুক্তি লাভ কৰিলে, তাকেই এই পত্ৰত তোমালৈ লিখিবৰ মন কৰিছোঁ। সেই পৰম পিতৃ দয়াময় পৰম ঈশ্বৰে, যেতিয়া দেখিলে যে, তেওঁৰ সৃষ্টিৰ মানুহ জাতিয়ে পবিত্ৰক হেৰুৱাই পাপত পতিত হৈছে, আৰু সেই নিমিত্তে সিবিলাকে চিৰকালে অনন্ত দুঃখ ভোগ কৰিব লাগিব, আৰু যেতিয়া তেওঁ দেখিলে যে, সিবিলাকে সেই সাস্তি ভোগ কৰিবলৈ অক্ষম, তেতিয়া তেওঁৱে তেওঁৰ অদ্বিতীয় প্ৰিয় পুত্ৰক সিবিলাকৰ সলনি সেই দুঃখ ভোগ কৰিবলৈ দান কৰিলে। দেখা সৰলা, সকলো ধৰ্ম্মই কয় প্ৰায়শ্চিত্তৰ বিনে পাপৰ মুক্তি নাই; সত্য, মুক্তিসিদ্ধ প্ৰায়শ্চিত্তনে কি, সেইয়ে হিন্দু ধৰ্ম্মত নাই, আৰু ব্ৰহ্ম ধৰ্ম্মতো নাই। দেখা, হিন্দু ধৰ্ম্মে কয়, মহ, বা ছাগ, বা আন কোনো পহু, কি চৰাই বলিৰূপে উচৰ্গ কৰা, তেনেহলে সেইবিলাকৰ তেজ পৰাতে তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হব। এই প্ৰকাৰ প্ৰায়শ্চিত্ত যে, কিমানলৈ মুক্তিৰ সিদ্ধ তাক তোমালৈ পূৰ্ব্বেই লিখিছোঁ, অধিক কোৱা বাহুল্য মাত্ৰ, ব্ৰহ্ম- বিলাকৰ প্ৰায়শ্চিত্তো এই প্ৰকাৰ। কিন্তু খ্ৰীষ্টৰ প্ৰায়শ্চিত্ত কি? পাপৰ দণ্ড অনন্ত মৃত্যু। ন্যায়ৱন্ত ঈশ্বৰে যেতিয়ালৈকে সেই দণ্ড প্ৰদান নকৰিলে, তেতিয়ালৈকে পাপৰ প্ৰায়শ্চিত্ত নহল। কৈছিলে, যি দণ্ড দিব, সেই দণ্ড তেওঁৱে দিলে, তেন্তে পাপৰ প্ৰায়শ্চিত্ত হল; পতিত নৰকুল পাগৰ দণ্ডৰ পৰা মুক্ত হল। কিন্তু সেই দণ্ড কি প্ৰকাৰে দিলে, আৰু কোনেই বা সেই দণ্ড ভোগ কৰিলে। তোমাক পূৰ্ব্বেই কৈছিলো, মনুষ্য শক্তি হীন, পাপী মনুষ্যে সেই দণ্ড ভোগিবলৈ