পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কামিনীকান্তৰ চৰিত্ৰ
৪৩
 

এই ৰূপ দুৰ্দ্দশা গ্ৰস্থ কৰিলে? সিবিলাকক সৃষ্টি নকৰাই তেওঁৰ পক্ষে ভাল আছিল।

আপোনাৰ
শ্ৰীমতী সৰলা।

পঞ্চদশ অধ্যায়।
অষ্টম পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 তুমি যে ইমান শীঘ্ৰে উত্তৰ পঠাইছা, দেখি অতিশয় সন্তোষ হলোঁ। তোমাৰ পত্ৰ নিলিখিবৰ কাৰণ জানি চিন্তা দূৰ হল। নৰীয়া যে হোৱা নাই এয়ে ভাল। লিখিবৰ কিছু থাকোক বা নেথাকোক, কেনে থাকা, এই বাত্ৰা পঠায় মনক নিচিন্ত কৰিবা। দেখা সৰলা, যি জনক দেখা পোৱা নেযায় তাৰ ওচৰৰ পৰা যদি সদাসৰ্ব্বদায় পত্ৰ আদি পোৱা যায়, তেনেহলে মনত অনেক ভাৱে সন্তোষ পোৱা হয়। তোমাৰ হাতৰ লিখা পাঠ কৰি মোৰ যিহতকৈ নাই, এনে এনে সন্তোষ লাভ পাওঁ, সেই কাৰণে অপেক্ষা কৰিছো যে, এই বিষয়ে মোক নিৰশা নকৰিবা।

 তুমি হেমে সৈতে যি ধৰ্ম্ম পুথিৰ প্ৰথমৰ কিছু ভাগ পাঠ কৰিছা, তাক শুনি যিহতকৈ নাই. এনে আনন্দিত হলোঁ। আৰু পঢ়িবলৈ যে ইমান উলাহ পাইছা, সিও অতি প্ৰসংশনীয়। মিছা মিছি সময় নষ্ট নকৰি, অনৰ্থক কথা বাত্ৰাত বা আমোদ প্ৰমোদত সময় অপব্যয় নকৰি, যদি ধৰ্ম্ম শাস্ত্ৰ বা আন কোনো উত্তম পুথি পাঠ কৰা, তেনেহলে যে অনেক উপকাৰ লাভ কৰিবা ইয়াৰ আৰু সংশয় নাই। সময় পালেই পাঠ কৰিবা, এই মোৰ প্ৰথম পৰামৰ্শ।

 তুমি যে ঈশ্বৰৰ অসীমা প্ৰেম, অনিৰ্বচনীয় অনুগ্ৰহ অমূল্য দয়া অনুভও কৰিবলৈ পাইছা, এয়ে অত্যন্ত আনন্দৰ বিষয়। পতিত পাপীষ্ঠ মনুষ্যৰ প্ৰতি তেওঁ যে কেনে দয়া প্ৰকাশ কৰিলে, তাক কোনে বুঝিব