পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰিয়তমা

প্ৰশ্ন।— জনমৰেপৰা  শুনি আহি আছো,
 মুকুতা-মালাৰ কথা।
 কত পোৱা যায়,  কেনেকুৱা বস্তু,
 কিন্তু নাই পোৱা দেখা।
উত্তৰ।— “প্ৰিয়া! শুনি যোৱাঁ”  বুলি দিলো মত,
 মাৰি হাঁহি মিচিকীয়া
 হাঁহিয়ে হঁহাই  উদঙালে দাঁত,
 কলোঁ আঙ্গুলিৰে, “চোৱা”॥

প্ৰশ্ন।—আৰু আছোঁ শুনি  কিন্তু নাই দেখা
 ৰঙা পোৱালৰ মণি॥
উত্তৰ — আকৌ দেখুৱালো  প্ৰিয়তমা ওঠ
 হেঙুলী পোৱাল-খনি।
প্ৰশ্ন। — কাঁইট নথকা  ৰূপহ গোলাপ,
 বোলে পৃথিৱীত নাই।
উত্তৰ — একোকে নামাতি  প্ৰিয়াৰ দুগাল
 থাকিব ধৰিলোঁ চাই॥
প্ৰশ্ন।— কত আছে এনে  অপূৰ্ব্ব পদুম,
 ৰাতি দিনে থাকে ফুলি?
উত্তৰ — চকুৰে দি ঠাৰ  দেখালোঁ প্ৰিয়াক,
 মুখেৰে একো বুলি।