এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰিয়তমা
প্ৰশ্ন। জনমৰেপৰা শুনি আহি আছো,
মুকুতা-মালাৰ কথা।
কত পোৱা যায়, কেনেকুৱা বস্তু,
কিন্তু নাই পোৱা দেখা।
উত্তৰ।- “প্ৰিয়া! শুনি যোৱ।” বুলি দিলো মত,
মাৰি হাহি মিচিকীয়া।।
হাঁহিয়ে ইহাই উদঙালে দাঁত,
কলে। আঙ্গুলিৰে, “চোৱা”।
প্ৰশ্ন। অনামিকা(চুমু) বড়া (talk) আৰু আছে শুনি কিন্তু নাই দেখা
ৰঙা পোৱালৰ মণি।।
উত্তৰ - আকৌ দেখুৱালো প্ৰিয়তমা ওঠ
পাৱাল-খনি।
প্ৰশ্ন। — কাঁইট নথকা ৰূপহ গোলাপ,
বোলে পৃথিৱীত নাই।
উত্তৰ – একোকে নামাতি প্ৰিয়াৰ দুগাল
থাকিব ধৰিলে চাই।
প্ৰশ্ন। কত আছে এনে অপূৰ্ব্ব পদুম,
ৰাতি দিনে থাকে ফুলি?
উত্তৰ - চকুৰে দি ঠাৰ দেখালো প্ৰিয়াক,
মুখেৰে একো বুলি।