এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চুমা
১
কপো-কপৌৱনী চুমাত বলিয়া
হৰিণা হৰিণী আৰু,
ভাটো ভাটোৱনী চুমি-চুমি চোৱাঁ,
খাইছে প্ৰেমৰ লাৰু॥
ফুলে ফুলে চুমি ফুল মতলীয়া,
ভোমোৰা চুমাত পমা।
সবে চুমাময়, হেৰা তেন্তে মই
কিয়নে নাখাম চুমা?
২
বতাহে বতাহে চুমাৰ বাতৰি,
পানীয়ে পানীয়ে চুমা।
আকাশ পাতাল চুমাৰ ভঁৰাল,
সেউতী চুমাত ঘমা॥
চুমাৰ ৰাগিত গোকুল গোপিনী
থৰক-বৰক জীৱ।
চুমা খাই খাই কাৰো তত নাই,
মইবা নেখাম কিয়?
৩
সেই দেখি লেখি লেখি এশ চুমা দিয়া।
অন্তত ই প্ৰাণ মোৰ বুজি-বাজি লোৱাঁ॥
[১৮১২ শক। আঘোণ, কলিকতা। ]