পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৬
কদম-কলি

জানি লোৱাঁ কি কৰিব লাগে।
কৰাঁ তাক যি থাকে ভাগে॥
 * * *
বুঢ়া গাধ তাৰ নাই মান৷
লৰা জ্ঞানী তাৰেই সন্মান॥
 * * *
সজ কাম কৰিব লুকাই।
তথাপি ফাটিব যহ ভাই॥
 * * *
উপাধি সম্পদ তুচ্ছ আতি,
যদি জ্বলাওঁ সাংসাৰিক বাতি॥
 * * *
দয়াহীন জন হে গোবান্ধ।
আনজন নহয় সি ষাণ্ড॥
 * * *
চোৱাঁ মোৰ জীৱনটো কবিতাৰ আৱলী
ঘটিকাৰ ঘণ্টা পলে পঢ়ি যায় চলি।