পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৫
কদম-কলি

ভকতি বিশ্বাস মাথো ঈশ্বৰক দিব্য!
কৰ্ত্তব্য কামৰ ফল চাই মুফুৰিবা॥
 * * *
স্বইচ্ছত যি ভাব আহিব।
সেইভাবে শ্ৰেষ্ঠ ঠাই লব৷
 * * *
ঈশ্বৰৰ দান জানা বন্ধুৰ বন্ধুতা ,
আমোলন বস্তু; লোৱাঁ, নকৰিবা চিতা॥
 * * *
বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেহে যৌবন।
বয়সে নকৰে বুঢ়া, পাপেহে উছন।
 * * *
স্বভাৱৰ সুন্দৰ অমৰ।
বিৰোধী বিষত জৰজৰ॥
 * * *
গৌৰৱ কিৰীটি থাকে সদায় উজ্জ্বল।
বৃথা গৰ্ব্ব দুদিনীয়া, তাত ধৰে মল॥
 * * *