পৃষ্ঠা:এপাহ ফুলৰ কথা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
তৰাসখী

মঙ্গলৰ কাৰণে এওঁলোকে ভগৱান বিষ্ণুক স্তুতি কৰি থাকে। ৰুণজুনে ক'লে— অ’ মনত পৰিছে, তাৰ মানে এওঁলোকেই সপ্তৰ্ষি মণ্ডল’। তৰাসখীয়ে হাঁহিলে।

 আৰু বহুতো অতি মনোমোহা তৰাই আকাশ ভৰি আনন্দত নাচি আছিল। ৰুণজুনে দুহাত মেলি ঘূৰি ঘূৰি চাৰিওফালে চাই কৈ উঠিল ইমান তৰা!!

 ‘এৰা, আমাৰ সংখ্যা কোটি কোটি, গনি শেষ কৰিব নোৱাৰা’৷ তৰাসখীয়ে হাঁহি মাৰি কথাষাৰ কৈ ৰুণজুনক হাতত ধৰি আগুৱাই লৈ গ’ল। যাওঁতে কৈ গ’ল— ‘পৃথিৱীৰ মানুহবোৰে আমাক লৈ চিন্তাচৰ্চা কৰিয়ে থাকে। আমাক নক্ষত্ৰপুঞ্জ নাম দি লৈছে। সেয়ে নহয় প্ৰাচীন কালতেই পণ্ডিতসকলে কল্পনাৰে আমাক লৈ ক’ত যে ছবি আঁকি লোৱা নাই’। ক্ষন্তেক পৰৰ পিছত তৰাসখীয়ে লাহেকৈ ক’লে— ‘জানো জানো, মায়ে কৈছিল অৰুন্ধতী বশিষ্ঠ ঋষিৰ পত্নী’। ৰুণজুনে ক'লে।

 ‘ঠিক জানিছা’ তৰাসখীয়ে শলাগিলে।

 ‘উস্ চকুযোৰ সৰু কৰি ৰুণজুনে ক’লে— ‘ইমান পোহৰ’।

 ‘অ’ সেইয়া ধ্ৰুৱ তৰা। তেওঁৰ মান শুৱনি নাই। জানানে, আমি সৌ পূৱ দিশে বাট বুলি সউ পশ্চিম দিশে গুচি যাওঁগৈ। কিন্তু এই ধ্ৰুৱ তৰাটি সদায় একে ঠাইতে বিৰাজমান। সেই ছয়টি তৰাই তেওঁক কেনেকৈ আগুৰি ৰাখিছে দেখিছানে’? ৰুণজুনে কিছুপৰ ৰৈ ধ্ৰুৱতৰাটিৰ ফালে চাই থাকিল।

 এইবাৰ ৰুণজুনক তৰাসখীয়ে আৰু এদিন ধুনীয়া ঠাইলৈ লৈ গ’ল। তৰাসখী ৰ’ল আৰু ক’লে— ‘সৌ তৰা ৰাশি দেখিছানে’?

 —‘অ’ অ’, কেনে বিতোপন’! ৰুণজুন উলাহত চিঞৰি উঠিল।

 —‘তেওঁ কালপুৰুষ। ভাল চিকাৰী’।

 —‘তাৰমানে’? ৰুণজুনে সুধিলে।

 —‘তৰাৰ শাৰীবোৰে তেওঁক জানো এজন চিকাৰীলেখীয়া কৰি তোলা নাই’?

 —‘হয় হয়’। ৰুণজুনে ভালকৈ মন কৰিলে ককালত তৰোৱাল ওলোমাই লোৱা এজন চিকাৰীহে ৰৈ আছে।