পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰে অন্ধ – অনুকৰণ কৰি, কিছুমানে সিংহৰ দৰে অকল চুলিৰেই মূৰটো ডাঙৰ কৰি তৰ্জন - গৰ্জন কৰি মানুহ বোলাই থাকে। কিছুমানে আক’ হাতীৰ দৰে অকল গা - গাৰি বঢ়ায়েই মানুহ ৰূপ লৈ আছে। কিছুমানক যে লাজ - অপমান, মান-মৰ্যদা, পাপ - অভিশাপ একোৱে নাপায়গৈ ⸺ তেওঁলোক চাগে গড়ৰ বাকী থকা আত্মাৰ। হৰিণৰ প্ৰডাক্সন কমাই তাৰে অকল অসমৰ মানুহকেই সৃষ্টি কৰিলা নেকি বাৰু? কিবা দেখোন ভীত–চকিত-অসহায়!!

 মানুহক যে মৰণশীল কৰিলা, সেইটো কিন্তু বৰ ভাল কৰিলা। মৰণশীল বুলি জানিও মানুহবোৰৰ উদ্ভণ্ডালিৰ, দ্বন্দ - খৰিয়ালৰ সীমা নাই। কেনেবাকৈ অমৰ হোৱা হ’লে যে কি নকৰিলেহেঁতেন ভাবাচোন। পিছে, এটা কথা। সাধু - অসাধু সজ্জন - দুৰ্জন এই দুই ভাগৰ মৰণৰ মাজত তুমিচোন কোনো পাৰ্থক্যই নাৰাখিলা। কিয়? এই ধৰা, এজন মানুহৰ গোটেই জীৱন মৰাকে মাৰি ঘোচ খাওঁতেই, চোৰাং কাৰবাৰ আৰু অন্যান্য

পাপবোৰ কৰোঁতেই গ'ল। দুৰ্নীতি - দুস্কাৰ্য কৰিয়েই ক’লা টকাৰে আনবেলেঞ্চকৈ বেঙ্ক বেলেন্স বঢ়ালে। বিভিন্ন চহৰত মাটি -অট্টালিকাৰে সতি-সন্ততিয়ে পাঁচ - ছয় পুৰুষলৈ চকুমুদি খাব পৰাকে অগাধ সম্পত্তি কৰি — এদিন তোমাৰ পৰা ‘চমন’ পাই এইবোৰ এৰি যাব লগা দুখতে অসুস্থ হ'ল। পিচে টকাৰ তো অভাৱ নাই। গতিকে জীৱনৰ ম্যাদ বঢ়াবৰ বাৰে তোমাৰ ওচৰত অপৰ্যাপ্ত উপচাৰেৰে আবেদন জনোৱাৰ উপৰিও, পৃথিবীৰ বিভিন্ন প্ৰান্তৰৰ ডাঙৰ ডাঙৰ ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাই, ভিটামিন প্ৰোটিনেৰে ভৰা আহাৰ ফল - মূল খাই, দামী দামী ঔষধ পথ্য খাই, সেৱা - শুশ্ৰূষা আৰু চিকিৎসাৰ ত্ৰুটি নোহোৱাকৈ নিৰাময়ৰ উপায় কৰিলে। তুমিও চাগে এইবোৰ দেখি শুনি থৎ মৎ খাই যোৱা নহয়? সেয়ে জীৱনৰ ম্যাদ প্ৰায়েই বঢ়াই দিয়া তেওঁলোকৰ। কেতিয়াবা অৱশ্যে নিদিয়া। নিদিলেও সুখৰ কোলাতেই সন্তান-

(৭০)