পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হঁতক এৰি শান্তিৰেই চকু মুদে।

 কিন্তু এজন সৎ - সাধু পুৰুষৰ সৎ পথত থিয় দি থকাহে হয়। কোনোফালে গতি কৰিব নোৱাৰে। ফলত গোটেই জীৱন গাধ - খাটনিৰে খাটিও সতি - সন্ততিলৈ টকা - সম্পত্তিৰ নামত ফুটা-কড়ি এটাও থৈ যাব তো নোৱাৰেই নিজেও সপৰিয়ালে লেলাই ধেন্দাইহে জীয়াই থাকিব পাৰে। অভাৱ - অনাটনত জুৰুলা হোৱা সৎ মানুহজনে জীৱনত কঠোৰ সংগ্ৰাম কৰি অকালতে দুৰ্বল হৈ ভাগৰি পৰে। প্ৰোটিন - ভিটামিন বাদেই, এমুঠি ভাতৰ অভাৱত অসুস্থ হৈ চিকিৎসাৰ অভাৱত, ঔষধৰ অভাৱত, পথ্যৰ অভাৱত যন্ত্ৰণাত ছাটি - ফুটি কৰি তিল্‌ তিলকৈ মৃত্যু বৰণ কৰে। সেয়া দেখিছা। মৃত্যু একেই হ'ল। বৰঞ্চ দুৰ্জনজনে নিজে সকলো উপভোগ কৰাৰ পিচত, ল'ৰা - ছোৱালীলৈ উপভোগৰ সামগ্ৰী মজুত ৰাখি যোৱাৰ পিচত শান্তিৰে চকু মুদি এবাৰ হে চিতা জুইত উঠে। সজ্জনজনে দেখোন নিজৰ যন্ত্ৰণাৰ উপৰিও সন্তানৰ আন্ধাৰ ভবিষ্যতৰ শঙ্কাত চিন্তা জুইত গোটেই জীৱন জীয়াতু ভোগে। এইবোৰ তোমাৰ নো ভগৱান, কেনেকুৱা বিচাৰ? তুমি ছাগে ক'বা ‘কৰ্মফল’। সেইবোৰ কণা হাঁহক পতান দিয়া কথা তুমিও কোৱানে!!

 পাপৰ প্ৰায়শ্চিত্ত আছে বোলে! পাপ কৰা জনে এদিন কু ফল পাব আৰু পূণ্য কৰা জনে এদিন সু - ফল পাব বুলি টু-টুৱাই থাকা কিয়? লগে লগে কিয় নিদিয়া? এটা বেয়া কাম কৰি লগে লগে বেয়া ফলৰ কষ্ট পোৱা হ'লে ⸺ বেয়া কাম কোনেও নকৰিলে হেঁতেন। ভাল কাম কৰি ভাল ফল পোৱা দেখিলে সকলোৱে হেতা - ওপৰাকৈ ভাল কাম কৰিবলৈ ল'লেহেঁতেন। তেতিয়া ঠগ - প্ৰৱঞ্চনা, মৰামৰি, কটাকটি, হিংসা-দ্বেষৰ সলনি শান্তি, অহিংসা, ভালপোৱাই পৃথিৱীৰ সকলো মানুহকে একে পৰিয়ালৰ কৰি তুলিলেহেঁতেন। তুমি পেণ্ডিং কৰি নো কি ৰং চোৱা? তোমাৰ ছাগে ফলবোৰ পেণ্ডিং কৰি থোৱাৰ কিবা

৭১