পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ কণ্ ভালেই ছোৱালীজনী। পিছে বয়সটোহে অলপ বেচি আমাৰ বিয়াৰ বয়সৰ তুলনাত। মানে মোৰ বিয়াত সিহঁতৰ গোটেই কেইটা ল'ৰা - ছোৱালী আছে। তাইতো বে’চ খোজ কাঢ়ি ঘূৰি - চুৰিয়েই ফুৰে তেতিয়া! মানে চাৰি-পাঁচ বছৰ মান হ’ব। ( যেন চাৰি/পাঁচ বছৰতহে কেছুৱা খেলে) মোৰো আক’ বৰ সৰুতে বিয়া হৈছিল নহয়! মাত্ৰ পোন্ধৰ বছৰ বয়সত।’ পিচত ভিন্ দেৱে তাকে লৈ বাইদেউক কৈ হাঁহিছিল – ‘তোমাৰ মাহী তোমাতকৈ সৰুহে হ’ব হিচাবত। তেওঁৰ পিচৰ তিনিজন মামা-মাহীৰ পিচত, তোমাৰ জেঠাইদেউৰ পাঁচোতা ল'ৰা-ছোৱালীৰ পিচত, তোমালোকৰ চাৰিটা দাদা - বাইদেউৰ পিচত তুমি। তথাপি যদি তোমাতকৈ দহ বছৰৰহে ডাঙৰ হ’ব খোজে হিচাবত নিমিলে। সৰু হ'লে মিলাব পাৰিম।

 .........আই-পিতাহঁত নাই বাবে মাহীদেউৰ কৃপাত আমাৰ উথান - পতন হৈয়েই থাকে। মাহীদেউৰ বয়স এতিয়া পচপন্নৰ ওচৰা - ওচৰি হ’লেও মুখৰ মেক্ আপ আৰু সাজ – সজ্জাৰ জোৰত পঞ্চল্লিশৰ ওপৰলৈ মাহীদেৱে উধাব নুখুজিলেও — আমাৰ বয়সবোৰ কিন্তু কমাব নোখোজে। বঢ়াহে। আমাৰ বয়স বঢ়ায় যাব আৰু মাইদেউৰ পঞ্চল্লিশতে থাকিব লাগিব। এতিয়া অঙ্কটো কৈনেকৈ মিলাওঁ বাৰু কওঁকচোন!!


সত্যমেব জয়তে


 সৰুতে আমিও আখৰ চানেকী লিখিছিলো — ‘সত্যৰ সদায় জয়’ বুলি। আখৰ কেইটাহে গোট গোট ধুনীয়া হ'ব লাগিছিল বুলি জানিছিলো। কথাষাৰ কামত লগাব লাগিব যে কি মানে

(৩৯)