পালোঁ। ঘৰটো নামকৰা আৰ্কিটেক্ট এজনৰ দ্বাৰা ডিজাইন কৰাইছোঁ বুলি তিনি হাজাৰ স্কোৱাৰ ফুটতে সুবিধাকৈয়ে ৰূমবোৰ হৈ গল। মাহে মাহে এটা এটাকৈ বস্তু কোনোমতে লৈ আছোঁ আৰু! এতিয়াও বহুত বাকী। ল’ৰা - ছোৱালী দুটাৰ পঢ়া ৰূমৰ কাৰ্পেট এতিয়ালৈকে কিনাই হোৱা নাই। যোৱা মাহত কোনো মতে নতুন ফ্ৰিজ এটা ল’লো। আগৰটো পুৰণা হৈ গৈছিল একেবাৰে। গাড়ীখনৰো নতুন ৰং কৰোৱা বাবে এইবাৰ টু-ইন-ওৱান এটাহে মাত্ৰ কিনা হ’ল। লৰাটোৰ স্কুটাৰখন 'অহা মাহতহে কিনিব পৰা হ’ব। বৰ দিগ্ দাৰ হেঁ! খোৱা বস্তু বাহানিৰ দাম যি দৰে বাঢ়িছে দৰমহাৰ টকাই খৰচ হৈ যায়......মই বুলিহে আৰু......!’ বান্ধবীৰ স্বামীয়ে মধ্যমীয়া দৰমহাৰ চাকৰি এটা কৰে। থকাৰ ষ্টেণ্ডাৰ্ড দেখি আৰু ‘খোৱাত দৰমহাৰ পয়ছাও খৰচ হয়’ উক্তি শুনি ‘এওঁ’ বাহিৰা পইছা নাখায় বুলি বুজিম নে?
মোৰ মাহীজনী আক' আৰু এখোপ চৰা। তেওঁ কথাই কথাই নিজৰ বয়স কমোৱা আৰু আনৰ বয়স বঢ়োৱা উত্তৰ এটা প্ৰশ্ন নকৰাকৈয়ে দি থাকে। মোৰ আইৰ নিজৰ ভনী মাহীদেউ আইতকৈ চাৰি বছৰৰ সৰু। মোৰ আই থকা হ'লে এতিয়া ষাঠি বছৰমান হ'লহেতেন। মাহীদেৱে কিন্তু নিজৰ বয়স কোনোমতেই পঞ্চল্লিশৰ ওপৰলৈ যাবলৈ নিদিয়ে। তেওঁৰ বয়স কমালে স্বাভাৱিকতে তেওঁৰ ল'ৰা - ছোৱালীৰো বয়স কমাব লাগিব। এবাৰ এগৰাকী মানুহৰ আগত নিজৰ বয়সৰ পৰা আৰম্ভ কৰি ল'ৰা - ছোৱালীবোৰৰ বয়স কমাওতে কমাওঁতে তেওঁৰ এঘাৰ বছৰ বয়সত প্ৰথম সন্তানটি হোৱা বুলি ধৰি ল'লেও শেষৰ সন্তানটিলৈ বয়স কোনোমতেই নুজুৰিলে। মাহীদেউব কিন্তু সেইফালে ভ্ৰূক্ষেপেই নাই। মানুহ গৰাকীয়ে মাহীদেউৰ কলেজত পঢ়া নুমুলীয়া ল'ৰাটো চিনি পাই যদিও ভদ্ৰতাৰ খাটিৰত মনত পেলাই নিদিলে।
মোৰ বাইদেউৰ বিয়াৰ সময়ত মাহীদেৱে দৰা ঘৰৰ লগত ফ’নত কিবা কথা হওঁতে নিজৰ স্বভাৱলৈ উভটি গল – ‘তাই