পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মূষল ধাৰেৰে ৰাজপথৰ ওপৰেৰে পানী বাগৰিছে। প্ৰায় একাঠু পানী বাটত। সেই পানীৰ ওপৰেদি বাছ চলিছে, ‘কাৰ’ গাড়ী চলিছে, স্কুটাৰ চলিছে, ৰিক্সা চলিছে। কাষৰ ফুট পাথৰ পদ- ব্ৰজীলৈকে সেই পানীৰ এছাৰকণী আহি পৰিছে। চকুজোৰ ঘোপা কৰি মনৰ ভিতৰতে গৰম হৈ ভোৰ ভোৰাইছে, গালি পাৰিছে। গতিবেগ কিন্তু কাৰো কমা নাই! ৰাজপথৰ ইপাৰ- সিপাৰ হোৱাটোও সমস্যা। বহুত গুণা গঁথাৰ পিছত পাৰ হওঁতেই পিছ ফালেদি জোৰেৰে অহা গাড়ী এখনে পানী মাৰি গৈ আপোনাৰ নিকা কাপোৰজোৰত বোকাৰ ফুল বাছি দিলে। শাঁত পৰা দেহা খঙত আকৌ গৰম হৈ যাব। ‘ছেঃ ক’ৰ কি লেতেৰা পানী ঠিক নাই – দিলে কাপোৰজোৰ তিয়াই।’

 বৰষুণত পৰম সকাহ পাই নৰম হ’ব খোজা মনটো চৰম বিপৰ্যয়ত আকৌ গৰম হৈ যাব। চিৰিংকৈ প্ৰখৰ ৰ'দ জাকলৈ মনত পৰিব। 'এই লেতেৰা পানীৰে তিতাতকৈ প্ৰখৰ ৰ'দৰ গৰমৰ ঘামেৰে তিতাও শতগুণে ভাল। খঙত গৰম হৈ ভাবিবলৈ বাধ্য হ’ব এই প্লেন নোহোৱা গুৱাহাটী চিটিত বৰষুণতকৈ ৰ’দৰ গৰমেই ভাল।

 

জহ-জাৰ-বাৰিষাৰে

 

 আমাৰ দেশৰ মানুহবোৰেই এনেই এক মুহূৰ্তও নাথাকে। থাকিবই নোৱাৰে। ফুট-পাথেদিয়েই গৈ থাকক বা চিটি বাছ ষ্টপেজ’তে বাছ অহালৈ অপেক্ষা কৰি থাকক এনেই থকাতকৈ লগৰ জনক নিজৰ সদ্নাম কৈ থাকে ডাঙৰ ডাঙৰকৈ। নহ’লে

(৩২)