পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নেকি! ড্ৰাইভাৰ গৰম হবই। কণ্ডাক্টাৰৰ গৰম মাতটো উচ্চ স্বৰতে থাকে ‘ভঙনীয়া পয়ছা দিব। ভঙনীয়া। পঞ্চাশ পয়ছাৰ বাবে পাঁচ টকা দিব, ত্ৰিশ পয়ছাৰ ঠাইত দুই টকা দিব, মই কি ভঙনীয়া পয়ছাৰ খনি নেকি? যাত্ৰীও গৰম – ‘নাথাকিলে কৰিম কি হেঁ? আমি ভঙা পয়ছা ঘৰত তৈয়াৰ কৰোঁ নেকি।’ গৰম। গৰম। মুঠতে সকলো গৰম - বতৰটোৰ দৰেই।

 এই গৰমত বৰষুণ এজাকৰ আশা সকলোৱে কৰে। দিলেই যেনিবা বৰষুণ জাক। তাৰ পিছত? দেহৰ গৰম অকণমান শাঁত পৰিলেও মনৰ গৰম কমিব জানো? এজাক বৰষুণতে ৰাজপথৰ ঠায়ে ঠায়ে পানীৰ প্লাৱন। অকল পানী হলেও গৰমত ভৰি কেইটা জুৰ পৰিলেহেঁতেন। পানী মানে লেতেৰা ড্ৰেইনৰ সমস্ত জাবৰ-জোঠৰ ৰাজপথেৰে বাগৰি আহিছে। দেও দি দি কাপোৰ কানি কোছাই খোজ কাঢ়িব লাগিব। খোজ কাঢ়োতেও আক’ বাছ ষ্টপেজৰ দৰে ষ্টপেজ্ পাব। পাণবজাৰত বাছৰ পৰা নামিয়েই আপুনি খোজ পেলাব নোৱাৰে। কাষৰ ড্ৰেইনৰ পৰা তোলা লেতেৰা বোকাৰে এদ’ম জাবৰ সৰু – সুৰা পাহাৰ এটাৰ দৰেই থিয় হৈ থাকিব। যান-বাহন পাৰ হৈ যাবলৈ দি সুৰুঙা চাইহে খোজ দিব পাৰিব। ফুটপাথত উঠিলেও একে কথা। ষ্টপেজ্‌ লক্ষ্য নকৰি খোজ দিলে, মুখ মেলা যেন ‘মেনহ’লৰ ভিতৰ সোমালে দায়ী কোনো নহয়। পাণবজাৰৰ মাজ মজিয়াতে খোজ কঢ়া ঠাইতে পৌৰ নিগমৰ ডাষ্টবিন্ টো। ডাষ্টবিন্ টো। অৱশ্যে ভালকৈ চালেহে দেখি। জাবৰ-জোথৰ লেতেৰাৰে উপচি বাকচটো ঢাক থাই জাবৰেৰে সজোৱা দৌল এটা যেন হৈ থাকে। কাউৰী-কুকুৰে এনেই থকাতকৈ সেইবোৰ মাজ বাটলৈ আনি আনি আপুনি অহাৰ পথত ফুল সিচাৰ দৰে সিঁচি দিয়ে। অকণমান অসাৱধান হ'লেই জোতাত লাগি আহি পিচলি পৰাৰ সম্ভাৱনা। বৰষুণৰ দিনত গুৱাহাটী ক্লাবৰ পৰা শিলপুখুৰীৰ ফালে গ'লে তো

ফুট পাথত ৰৈ থাকি আপোনাৰ নৈৰ পাৰত থকা যেন লাগিব।

(৩১)