পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰু সৰুকৈ পৰৰ বদ্না‌ম কৈ থাকে। অকলশৰে থকাজনেও এনেই নাথাকি তামোল চোবাই চোবাই নিজৰ পৰা এবেগেত মন আঁতৰলৈ পিক্‌ পেলাই থাকে। তামোল-চামোল নোখোৱা জনেও এনেই ৰৈ থকাতকৈ খেক্ থুই কৰি খেকাৰ থুইকে নিজৰ পৰা এহাত মান আঁতৰলৈ পেলাই থাকে। আন এজনে হয়তো শোঁ—ত কৈ, নাকৰ পৰা সেঙুন এথোপাকে পেলায়। মুঠতে প্ৰত্যেকেই কিবা এটা নহয় কিবা এটা কৰি থাকেই।

 জহ বুলি নহয়। — জাৰ বুলি নহয় - বাৰিষা বুলিও নহয় ছয়োটা ঋতুতে আমাৰ মানুহবোৰৰ কাৰোবাৰ নহয় কাৰোবাৰ পানী লাগিয়ে থাকে। হাঁচিয়ায়েই থাকে। কফেৰে ভৰা কাহ কাহিয়েই থাকে। একো নোহোৱা জনেও এনেয়ে থকাতকৈ নিজৰ পৰা এহাত মান আঁতৰলৈ বাটৰ মাজলৈকে থুৱাই থাকে।

 আলিবাটত যেয়ে নোলাওক — থ্ৰি পিচ্‌ চুট্‌ পিন্ধা ভদ্ৰলোকেই হওক বা অদ্ধনগ্ন ভিক্ষাৰীয়েই হওক, জোতাৰ হিল ঢাকি লেটেষ্ট ষ্টাইলৰ সাজপাৰ কৰা শিক্ষিতা ভদ্ৰমহিলাই হওক বা আঁঠুৰ ওচৰলৈকে কাপোৰ কোছাই লোৱা দিন হাজিৰা কৰা অশিক্ষিতা তিৰোতাই হওক, যান-বাহনৰ চালকেই হওক বা আৰোহীয়েই হওক ⸺ সকলোৱে কিন্তু এই থু-খেকাৰ পেলোৱা কামটো একে ধৰণেৰেই সমিল-মিলেৰে কৰে। গাড়ীত অহাজনেও চলি থকা গাড়ীৰ পৰা খিৰিকীয়েদি মূৰটো উলিয়াই মাজ বাটতে পিক্ এসোপা বা খেকাৰ এথোপা পেলাই যায়। ৰিক্সাত যোৱা জনেও তাকে দেখি ঘিনতে তাতকৈ অলপ দাঁতিলৈ ৰিক্সাৰ পৰা মূৰটো বেঁকা কৰি থুই এথোপা উলিয়াই মাৰি পঠায়। খোজ কাঢ়ি যোৱা জনে প্ৰতিটো খোজতে সেইবোৰ নগছকিবলৈ আপ্ৰাণ চেষ্টা কৰি একা-বেকাকৈ খোজ দি, ডেও দি ৰিক্সা, গাড়ী, ঠেলা-গাড়ী, চিটিবাছৰ পৰা নিজক বচাবলৈ গৈ তেনে এটা থোপাতে ভৰি পেলায়। লগে লগেই ঘিণত পেটটো ওকোল-মোকল লাগি যোৱা যেন অনুভৱ কৰি কোনমতে অকণমান নিকা ঠাইত থিয় দিয়েই⸺

(৩৩)