পৃষ্ঠা:আৰ্হি-চৰিত.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
আৰ্হি-চৰিত।


সৈ লয়। সেই কাৰণে পেষ্কাৰ আৰু দাৰোগাই কেতিয়াবা কোনো ঘৰুৱা কথাৰ প্ৰমাণ লব লাগিলে ঘিণাৰামক সাক্ষী মানি মীমাংসা কৰিছিল।

 ঘিণাৰাম বৰ সন্তোষীয়া চিতৰ ল’ৰা আছিল। তেওঁ অলপতে তুষ্ট হৈছিল, আৰু যি পায় তাকে তেওঁ যথেষ্ট মানি সন্তোষেৰে গ্ৰহণ কৰিছিল। এই ডাঙ্গৰ গুণটিৰ দ্বাৰাই ঘিণা- ৰামে পৰৰ ঘৰকো আপোন মানি সুখেৰে চলিব পাৰিছিল।

৪। আধ্যা।

চাকৰী-জীৱন।

 সেই কালত পুলিচৰ কাম ৰৰ মৰ্য্যাদাৰ বিষয় আছিল। সেই কাৰণে অলপ লিখা-পঢ়া শিকি লোৱাৰ পাচত ঘিণাৰামে পুলিচৰ কামত সোমাবলৈ মন কৰিলে। “বামুণ-দাৰোগা”ই এই কথা জানি তেওঁক বৰকাণ্ডাজৰ কামত সুমাই দিলে। এয়ে তেওঁৰ পোণ প্ৰথমৰ চাকৰি। ইয়াৰ দৰ্ম্মহা মাহে ৩্‌ টকা। সেই কালত অলপীয়া লিখা-পঢ়া জনা মানুহলৈ ই এটা আদৰৰ পদ। এই চাকৰিত ভৰ্ত্তি কৰোঁতে “বামুণ-দাৰোগা”ই তেওঁৰ নাম “ঘিণাৰাম ডেকাবৰুৱা” বুলি লিখিছিল। কিন্তু অভিমানী ঘিণাৰামে তেওঁৰ বৰ্ত্তমান পদত আগৰ পদবীৰ মৰ্য্যাদা হানি হোৱা যেন বিবেচনা কৰি “ডেকা বৰুৱা” কটাই তেওঁৰ নামৰ