পিচত অকল গগৈ লিখালে। আৰু পাচতো সম্মানী বিষয় আৰু অৱস্থা নোপোৱালৈকে তেওঁ “বৰুৱা” নিলিখিবলৈ মন বান্ধিলে।
চৰ্কাৰী কামত সোমাওঁতে ঘিণাৰাম গগৈৰ বয়স ১৭ ( সোতৰ) বছৰ। এই বয়সতে তেওঁৰ অসাধাৰণ বুদ্ধি, পৰি- শ্ৰম আৰু কৰ্ত্তব্যপৰায়ণতা দেখি তেওঁলৈ ৰাইজে আচৰিত হৈ চাইছিল। বিশেষকৈ উপৰুৱা চৰ্কাৰী বিষয়া সকলৰ মনোেযোগ তেওঁৰ সেই বিলাক গুণে বৰকৈ টানিছিল। সেই কাৰণে, তেওঁৰ ওপৰত উপৰৱালাৰ মন্তব্য সদায় ভাল, আৰু সোনকালে তেওঁৰ পদোন্নতি হবলৈ ধৰে। দুবছৰৰ পাচতে তেওঁৰ দৰ্ম্মহা ২্ টকা বাঢ়ি ৫্ টকা হ’ল। এনেতে, এদিন ৰেপন গগৈ নামে আন এজন লগৰীয়া বৰকাণ্ডাজে তেওঁৰ আগত ফিতাহি মাৰি কৈছিল “তথাপি, তুমি মোৰ তল; তুমি পাঁচ ৰূপীয়াহে পাইছা, মই সাতৰূপীয়া পাও”। ঘিণাৰামে নম্ৰভাৱে উত্তৰ দিলে, “কালত এদিন মই তোমাৰ দুগুণ পাবও পাৰোঁ। ৰেপনে এই কথাৰ উত্তৰ কাটি কলে “ন কৈ জনম ধৰি আহাঁগৈ।” পিচে ইয়াৰ ছমাহৰ পিচতে ঘিণাৰাম ৮্ টকালৈ উঠিল। ৰেপৰে এই কথাত বেজাৰ পাই কামৰপৰা ওলাই গল। শেহত আকৌ বুঢ়া কাললৈকে কনিষ্টবল কাম কৰিলে।
১৮৪৯ খৃষ্টাব্দত ঘিণাৰাম ৯্ টকীয়া তৃতীয় শ্ৰেণীৰ হাল- দাৰৰ পদলৈ উঠে। এই পদ এতিয়াৰ হেড্কনিষ্টবলৰ শ্ৰেণীত। ইয়াৰ লগতে ঘিণাৰামৰ কাৰ্য্যক্ষেত্ৰও আগত্কৈ বাঢ়িল, তেওঁ