পৃষ্ঠা:আমি কি কৰিবলৈ বিচাৰোঁ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮)

পথাৰ আৰু গাৱঁলীয়া অৰ্থনৈতিক ব্যৱস্থাৰ পুনৰ্গঠনৰ কথা এই পুনৰ গঠনৰ বাবে লাগিব এখন সুপৰিকল্পিত দীৰ্ঘপ্ৰসাৰী আৰু সম্পুৰ্ণ আঁচনি। এই ক্ষেত্ৰত ঘাইকৈ সহজে কাৰ্য্যত পৰিণত কৰিব পৰা, সোনকালে ফলৱৰ্তী চমুকালিন সৰু সৰু আঁচনিও থাকিব লাগিব।

 আজি কংগ্ৰেছ চৰকাৰৰ খাদ্যনীতিত ওপৰত উনুকিয়া এই ঘাই প্ৰয়োজনীয়তাৰ কথা উপলদ্ধি কৰা হোৱা নাই। যথাৰ্থতে এই বিষয়ত কংগ্ৰেছ চৰকাৰৰ কোনো নীতিয়েই নাই। মাত্ৰ আছে জধে-মধে লোৱা কেইখনমান আঁচনি। তাৰ লগতে তৈয়াৰ কৰিছে নিতৌ একোখনকৈ ন আঁচনি। আদিৰে পৰা কংগ্ৰেছ চৰকাৰে এটা ভূল কৰি আহিছে। খাদ্য-সমস্যা সমাধান মানে চৰকাৰে খাদ্যৰ বৰ্তমান দেখা দিয়া নাটনি গুছোৱাটোকে ধৰি লৈছে। কিন্তু এই সমস্যা সমাধানৰ আচল কথা হৈছে কেনেকৈ খেতিৰ উপযোগী মাটিৰ সৰ্ব্বোৎকৃষ্ট ব্যৱহাৰ কৰিব পাৰি আৰু তাৰ পৰা আটাইতকৈ সৰহ উৎপাদন কৰিব পাৰি। ভুল নীতিৰ ওপৰত প্ৰতিস্থিত চুটি বুদ্ধিৰে কৰা আঁচনিবোৰ সেইবাবেই তেনেই অকৃতকাৰ্য্য হৈছে আৰু ৰাইজৰ অজস্ৰ টকা পানীত পৰিছে। তাৰে ফলস্বৰূপে দেশৰ অৱস্থা এতিয়া এনে হৈছে যে বিদেশৰ পৰা ঘেহু-চাউল আমদানি নকৰিলে আমাৰ ৰক্ষা নোহোৱা হৈছে। যোৱা চাৰিবছৰত খাদ্যসামগ্ৰী আমদানি কৰোঁতে ভাৰতৰ পৰা পাঁচ শ কোটি টকা বাহিৰ লৈ গৈছে আৰু